
নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ডাৰবান টেষ্টত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত অষ্ট্ৰেলিয়াৰ মেথিউ ৰেনশ্ব আৰু জোছ হেজলউডে শেহতীয়া আইচিচিৰ পুৰুষ টেষ্ট খেলুৱৈ ৰেংকিঙত লাভৱান হৈছে। ভাৰতৰ শ্ৰেয়াছ আয়াৰে টি-২০ বেটিং ৰেংকিঙত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ চতুৰ্থ স্থান অৰ্জন কৰিছে।
আইচিচিৰ তথ্য অনুসৰি ডাৰবান টেষ্টৰ প্ৰথম ইনিংছত ১৯০ ৰান সংগ্ৰহ কৰা ৰেনশ্বৱেও দ্বিতীয় ইনিংছত গুৰুত্বপূৰ্ণ ৮২ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই প্ৰদৰ্শনে মেচখনত অষ্ট্ৰেলিয়াক শক্তিশালী স্থান লাভ কৰাত সহায় কৰিছিল। পূৰ্বে শীৰ্ষ ১০০ ৰ বাহিৰত থকাৰ পিছত টেষ্ট বেটিং ৰেংকিঙত যৌথ ৪৯ নম্বৰ স্থানলৈ উন্নীত হৈছে ৰেনশ্ব’।
অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বানে চাৰিটা স্থান বৃদ্ধি পাই ৩৪ নম্বৰ স্থান লাভ কৰিছে। দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ আইডেন মাৰ্ক্ৰামেও চাৰিটা স্থান জপিয়াই যৌথ দশম স্থান দখল কৰিছে।
বলিং ৰেংকিঙত সপ্তম স্থানলৈ উঠিছে হেজলউড
ডাৰবান টেষ্টৰ অন্তিম দিনটোত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউডে ৪৯ ৰানত ৬টা উইকেট দখল কৰে। এই প্ৰদৰ্শনৰ পিছতে তেওঁ দুটা স্থান বৃদ্ধি পাই টেষ্ট বলিং ৰেংকিঙত সপ্তম স্থানত উপনীত হৈছে। বলাৰৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰক।
তিনি বছৰতকৈ অধিক সময়ৰ ভিতৰত প্ৰথমখন টেষ্ট খেলাৰ পিছত পুনৰ বলিং ৰেংকিঙলৈ ঘূৰি আহিছে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ এনৰিচ নৰ্টজে। তেওঁৰ স্থান ৩৪ নম্বৰত।
টেষ্ট অলৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষত আছে ভাৰতৰ ৰবীন্দ্ৰ জাডেজা। দক্ষিণ আফ্ৰিকাৰ উইয়ান মুল্ডাৰে এটা স্থান বৃদ্ধি কৰি চতুৰ্থ স্থানত উপনীত হোৱাৰ বিপৰীতে ছাইমন হাৰ্মাৰে পাঁচটা স্থান জপিয়াই যৌথ ২৩ নম্বৰ স্থানত উপনীত হৈছে।
ৰহমত শ্বাহ আৰু হাছান মাহমুদো লাভৱান
আবুধাবিত আফগানিস্তান আৰু বাংলাদেশৰ মাজত খেলা একমাত্ৰ টেষ্ট খেলখন ড্ৰ’ত সমাপ্ত হয়। এই মেচখনৰ পাছতে আফগানিস্তানৰ ৰহমত শ্বাহে ১৩ স্থান বৃদ্ধি কৰি টেষ্ট বেটিং ৰেংকিঙত ১৩ নম্বৰ স্থানলৈ আগবাঢ়িছে। বাংলাদেশৰ লিটন দাসে তিনিটা স্থান বৃদ্ধি কৰি যৌথ ২৯ নম্বৰ স্থান লাভ কৰিছে।
এই খেলখনত বাংলাদেশৰ বেগী বলাৰ হাছান মাহমুদে এটা হেট্ৰিক আৰু ৫টা উইকেট দখল কৰে। ইয়াৰ পিছতে তেওঁ টেষ্ট বলিং ৰেংকিঙত ৭টা স্থান বৃদ্ধি কৰি ৩৮ নম্বৰ স্থান লাভ কৰিছে।
টি-২০ বেটিং ৰেংকিঙত শীৰ্ষ চাৰিটা স্থানত তিনিগৰাকী ভাৰতীয় খেলুৱৈ
শেহতীয়া পুৰুষৰ টি-২০ ৰেংকিঙত কেৰিয়াৰৰ শ্ৰেষ্ঠ চতুৰ্থ স্থান অৰ্জন কৰিছে ভাৰতৰ শ্ৰেয়াছ আয়াৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা পাঁচখন খেলৰ শৃংখলাৰ উদ্বোধনী মেচত তাৰকাময় প্ৰদৰ্শনৰ পিছত তেওঁ তিনিটা স্থান জপিয়াই পৰে।
লক্ষ্ণৌত খেলা শৃংখলাৰ প্ৰথমখন মেচত আয়াৰে প্ৰথম টি-২০ শতক অৰ্জন কৰে। এই কৃতিত্বৰ জৰিয়তে তিনিগৰাকী ভাৰতীয় বেটছমেনে শীৰ্ষ চাৰিটা স্থানত প্ৰৱেশ কৰিছে। প্ৰথম স্থানত ঈশান কিষাণ আৰু দ্বিতীয় স্থানত অভিষেক শৰ্মা। পাকিস্তানৰ অধিনায়ক চাহিবজাদা ফাৰহানে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰদৰ্শন কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেটিং লাভ কৰি তৃতীয় স্থান লাভ কৰিছে।
শ্ৰীলংকাৰ কুছাল মেণ্ডিছে তিনিটা স্থান বৃদ্ধি পাই ২৩ নম্বৰ স্থান লাভ কৰিছে। ৱেষ্ট ইণ্ডিজৰ শ্বাৰফেন ৰাদাৰফোৰ্ডে ১৩ স্থান জপিয়াই যৌথভাৱে ২৪ নম্বৰ স্থান লাভ কৰিছে। ভাৰতৰ সঞ্জু চেমছনে চাৰিটা স্থানত উঠি যৌথ ২৭ নম্বৰ স্থান লাভ কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত প্ৰদৰ্শন কৰা প্ৰদৰ্শনৰ বাবেই পাকিস্তানৰ যুৱ খেলুৱৈ মাজ সাদাকাটে শীৰ্ষ ১০০ৰ বাহিৰৰ স্থানৰ পৰা ৪৫ নম্বৰ স্থানলৈ জপিয়াই পৰিছে।
বলিং আৰু অল-ৰাউণ্ডাৰ ৰেংকিঙৰ পৰিৱৰ্তন:
ভাৰতৰ বিৰুদ্ধে প্ৰদৰ্শনৰ পিছতে ৱেষ্ট ইণ্ডিজৰ টেষ্টৰ অধিনায়ক ৰষ্টন চেজে টি-২০ আন্তঃৰাষ্ট্ৰীয় বলিং ৰেংকিঙত ২৪ স্থান আগুৱাই কৰি ২৩ নম্বৰ স্থানত উপনীত হৈছে। লগতে অল ৰাউণ্ডাৰৰ তালিকাত দুটা স্থান উন্নত কৰি তৃতীয় স্থান লাভ কৰে।
টি-২০ আন্তঃৰাষ্ট্ৰীয় বলিং ৰেংকিঙত পাকিস্তানৰ ছলমান মিৰ্জাই ৯ স্থান আগুৱাই ১৪ নম্বৰ স্থান লাভ কৰিছে। তেওঁৰ সতীৰ্থ ছাইম আয়ুবে ৮ স্থান জপিয়াই ৫৪ নম্বৰ স্থান লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া