মোদীয়ে লাডাখত উদ্বোধন কৰিব ৩৩৫০ কোটি টকাৰ ৫টা উন্নয়নমূলক প্ৰকল্প
নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ অক্টোবৰ বৃহস্পতিবাৰে লাডাখত প্ৰায় ৩,৩৫০ কোটি টকাৰ পাঁচটা উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰিব । প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অন
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ অক্টোবৰ বৃহস্পতিবাৰে লাডাখত প্ৰায় ৩,৩৫০ কোটি টকাৰ পাঁচটা উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰিব । প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠানত যোগদান কৰিব আৰু সভাত ভাষণ দিব। এই প্ৰকল্পসমূহে অঞ্চলটোৰ বিমান সংযোগ, কৌশলগত পথ সংযোগ, বিদ্যুৎ যোগান, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, আৰু জল সুৰক্ষা শক্তিশালী কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, ৬৪০ কোটি টকা ব্যয়ৰে নিৰ্মিত লেহৰ কুশোক বাকুলা ৰিনপোচে বিমানবন্দৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুন যাত্ৰী টাৰ্মিনেল ভৱন । ২৩,৮০০ বৰ্গমিটাৰত বিস্তৃত এই টাৰ্মিনেলটোৱে বছৰি ৩৫ লাখ যাত্ৰীক চম্ভালিব পৰা ক্ষমতা লাভ কৰিছে। ই শক্তিৰ কাৰ্যক্ষমতা বৃদ্ধি আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ ভূতাপীয় শক্তিৰ ব্যৱহাৰ কৰে। আধুনিক যাত্ৰীৰ সুবিধাসমূহৰ সৈতে লাডাখৰ সাংস্কৃতিক ঐতিহ্যৰ সংমিশ্ৰণ ঘটোৱা এই টাৰ্মিনেলটোৱে অঞ্চলটোৰ বিমান সংযোগৰ উন্নতি সাধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিমু-পদুম-দৰ্চা পথ দেশৰ বাবে উৎসৰ্গা কৰিব। সীমান্ত পথ সংস্থা (বিআৰও)ৰ দ্বাৰা নিৰ্মিত এই পথটোৱে লেহৰ নিমুক হিমাচল প্ৰদেশৰ দৰ্চাৰ সৈতে সংযোগ কৰি দূৰৱৰ্তী জান্সকাৰ উপত্যকাৰ মাজেৰে পাৰ হৈ যায়। ইয়াৰ জৰিয়তে শ্ৰীনগৰ-লেহ আৰু মানালী-লেহ ঘাইপথৰ উপৰিও লাডাখলৈ বিকল্প সংযোগৰ ব্যৱস্থা কৰা হ’ব। উচ্চ উচ্চতাৰ শ্বিনকুন লা পাছকে ধৰি ঠেক হিমালয়ৰ অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা এই পথটোৱে সশস্ত্ৰ বাহিনীৰ চলাচল আৰু লজিষ্টিক শক্তিশালী কৰিব আৰু স্থানীয় লোকসকলক স্বাস্থ্যসেৱা, শিক্ষা, বজাৰ, আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহৰ সুবিধা প্ৰদান কৰিব।

শক্তি সুৰক্ষা আৰু অঞ্চলটোৰ জলবিদ্যুৎ সম্ভাৱনাৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ৯ মেগাৱাটৰ হানু ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প আৰু ৬৬ কেভি ডাবল চাৰ্কিট ডাহ-হানু-খাল্টছি ট্ৰেন্সমিছন লাইন উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে বিদ্যুৎ যোগান নেটৱৰ্কৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে উৎপাদিত বিদ্যুতৰ সঞ্চাৰণ শক্তিশালী কৰিব।

লাডাখৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক ঐতিহ্য সংৰক্ষণৰ দিশত প্ৰধানমন্ত্ৰীয়ে লেহৰ সিন্ধু ঘাটত ভাৰতৰ প্ৰথমখন পেট্ৰ’গ্লিফ সংৰক্ষণ উদ্যান উদ্বোধন কৰিব। এই অঞ্চলত শ শ প্ৰাগঐতিহাসিক শিলৰ চিত্ৰ আৰু খোদিত শিল্পকৰ্ম আছে, যিয়ে বন্যপ্ৰাণী, মানুহৰ মূৰ্তি আৰু প্ৰতীকী ছবিৰ জৰিয়তে হাজাৰ হাজাৰ বছৰৰ ইতিহাস প্ৰতিফলিত কৰে। এই উদ্যানখনে এই বিৰল প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণ, জনসচেতনতা, আৰু দায়িত্বশীল ঐতিহ্য পৰ্যটনক প্ৰসাৰিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰজেক্ট হিম সৰোবৰৰ অধীনত ৪০ খন গাঁৱত বিকশিত কৰা ৪০ টা জলভাগো উদ্বোধন কৰিব। মিছন অমৃত সৰোবৰৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এই পদক্ষেপৰ লক্ষ্য হৈছে লাডাখত পানী সংৰক্ষণ আৰু উপলব্ধ পানীৰ উন্নত ব্যৱস্থাপনা। অঞ্চলটোত বৰফ গলি যোৱা আৰু হিমবাহৰ পানী উপলব্ধ হোৱাৰ পিছতো কৃষকসকলে গুৰুত্বপূৰ্ণ বীজ সিঁচাৰ বতৰত পানীৰ নাটনিৰ সন্মুখীন হয়। এই জলভাগসমূহে উপলব্ধ পানীক সঠিক সময়ত ব্যৱহাৰ কৰাত সহায় কৰিব, জলসিঞ্চনৰ উন্নতি সাধন কৰিব, আৰু কৃষি জীৱিকা বজাই ৰখাত সহায় কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande