
নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ অক্টোবৰ বৃহস্পতিবাৰে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ২০২৬ চনৰ এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৪:৩০ বজাত খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব আৰু সভাত ভাষণ দিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি এই অনুষ্ঠানত ভাৰতীয় দলৰ খেলুৱৈ, তেওঁলোকৰ প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়া, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ প্ৰতিনিধি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত থাকিব।
জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পদকৰ সংখ্যাত চতুৰ্থ স্থান দখল কৰে ভাৰতে। ভাৰতীয় খেলুৱৈসকলে মুঠ ৮৫টা পদক লাভ কৰে, য’ত ২১টা সোণ, ২৭টা ৰূপ, আৰু ৩৭টা ব্ৰঞ্জৰ পদক লাভ কৰে। একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান লাভ কৰা ভাৰতে বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ ক্ৰমবৰ্ধমান প্ৰতিযোগিতামূলক ক্ষমতাক প্ৰতিফলিত কৰে।
ভাৰতীয় খেলুৱৈসকলে এই গেমছত কেইবাটাও উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছিল। ৰিকাৰভ আৰ্চাৰী ইভেণ্টত ঐতিহাসিক প্ৰদৰ্শনৰ উপৰিও ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলে একেটা সংস্কৰণতে স্বৰ্ণ পদক লাভ কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে চফ্ট টেনিছ আৰু মিক্সড মাৰ্শ্বেল আৰ্টছ (এম এম এ)তো পদক অৰ্জন কৰে।
মহিলাৰ ট্ৰেপ ইভেণ্টত ভাৰতে প্ৰথমটো স্বৰ্ণ পদক লাভ কৰে। ভাৰোত্তোলনেও ২৮ বছৰৰ ব্যৱধানৰ অন্তত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু এজনে গ্ৰীক-ৰোমান মল্লযুঁজতো ৰূপৰ পদক লাভ কৰি ৬৪ বছৰৰ পাছত এই ইভেণ্টত ভাৰতীয় মল্লযুঁজাৰুৱে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ সৈতে এই আদান-প্ৰদানক এছিয়ান গেমছত ভাৰতীয় দলটোৰ প্ৰদৰ্শন আৰু কৃতিত্বক উজ্জ্বল কৰি তোলাৰ সুযোগ হিচাপে আয়োজন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া