
ৰাজৌৰী, ১৪ অক্টোবৰ (হি.স.)। এন আই এৰ বিশেষ আদালতে ২০২২ চনৰ এটা গোচৰত পাকিস্তানস্থিত এজন সন্ত্ৰাসবাদীক ‘ঘোষিত অপৰাধী’ বুলি ঘোষণা কৰিছে। আল-হুদা এডুকেশ্যন ট্ৰাষ্টৰ সৈতে জড়িত কথিত সন্ত্ৰাসবাদী পুঁজিৰ কাৰ্যকলাপ আৰু নিষিদ্ধ জামাত-ই-ইছলামী (জি আই)ৰ অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত ২০২২ চনৰ গোচৰত এন আই এৰ বিশেষ আদালতে এজন পাকিস্তানী সন্ত্ৰাসবাদীক ঘোষিত অপৰাধী বুলি ঘোষণা কৰিছে।
ৰাজৌৰী জিলাৰ দৰহাল তহচিলৰ থানামাং গাঁৱৰ বাসিন্দা মুস্তাক আহমদ মিৰে ১৯৯৫-৯৬ চনত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ সন্ত্ৰাসবাদত লিপ্ত হৈছিল। বৰ্তমান তেওঁ পাকিস্তান দখল কৰা কাশ্মীৰ (পিঅকে)ৰ পৰা অপাৰেচন কৰা বুলি অনুমান কৰা হৈছে।
এন আই এৰ বিশেষ ন্যায়াধীশ প্ৰেম সাগৰে ভাৰতীয় দণ্ডবিধিৰ ৮৪ নং ধাৰাত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মিৰক ঘোষিত অপৰাধী বুলি ঘোষণা কৰে। আদালতে লক্ষ্য কৰিছিল যে তেওঁৰ বিৰুদ্ধে পূৰ্বে জামিনহীন ৱাৰেণ্ট জাৰি কৰা হৈছিল যদিও ঘোষিত অপৰাধীৰ কাৰ্য্যবিধি আৰু বাতৰি কাকতৰ জাননীৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল আৰু আদালতৰ সন্মুখত হাজিৰ হোৱা নাছিল।
এন আই এৰ এই গোচৰটো ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত জামাত-ই-ইছলামীক অবৈধ সংগঠন বুলি ঘোষণা কৰাৰ পিছতো আল-হুদা এডুকেচন ট্ৰাষ্টৰ জৰিয়তে জামাত-ই-ইছলামীক ধন সংগ্ৰহ কৰি প্ৰেৰণ কৰা বুলি উত্থাপিত অভিযোগৰ সৈতে জড়িত । ২০২৫ চনৰ আগষ্ট মাহত এন আই এৰ বিশেষ আদালতে নিষিদ্ধ কৰা সংগঠনটোৰ কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আৰু ব্যৱহাৰ কৰাৰ অভিযোগত মিৰ আৰু আল-হুদা এডুকেচন ট্ৰাষ্টকে ধৰি আন তিনিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া