ভাৰত-আমেৰিকাৰ সম্পৰ্ক অতি ভাল, কোনো সমস্যা নাই: গোৱেল
নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বুধবাৰে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক “অতি ভাল” আৰু ৰাজনৈতিক মতাদৰ্শৰ পৰিৱৰ্তনৰ পিছতো উন্নতি হ’ব। নতুন দিল্লীত ব্লুমবাৰ্গ নিউ ইকনমি ফ’ৰাম ২০২৬ত ভাষণ দি এই
ब्लूमबर्ग न्यू इकोनॉमी फोरम 2026 को संबोधित करते पीयूष गोयल


ब्लूमबर्ग न्यू इकोनॉमी फोरम 2026 को संबोधित करते पीयूष गोयल


ब्लूमबर्ग न्यू इकोनॉमी फोरम 2026 को संबोधित करते पीयूष गोयल


নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বুধবাৰে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক “অতি ভাল” আৰু ৰাজনৈতিক মতাদৰ্শৰ পৰিৱৰ্তনৰ পিছতো উন্নতি হ’ব।

নতুন দিল্লীত ব্লুমবাৰ্গ নিউ ইকনমি ফ’ৰাম ২০২৬ত ভাষণ দি এই মন্তব্য কৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে। গোৱেলে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কেৱল বাণিজ্যতে সীমাবদ্ধ নহয়, ইয়াৰ ভিতৰত প্ৰতিৰক্ষা, প্ৰযুক্তি, জটিল খনিজ পদাৰ্থ, মানুহৰ মাজত যোগাযোগ আদি ক্ষেত্ৰসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

তেওঁ আৰু কয়, অৱশ্যেই আমাৰ সম্পৰ্ক ইতিমধ্যে বহুত ভাল। এতিয়াও কোনো সমস্যা দেখা নাই। বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয় যে, ‘মই বিশ্বাস কৰোঁ যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বিশ্বৰ বাবে সুদূৰপ্ৰসাৰী প্ৰভাৱ আছে, কিয়নো দুয়োখনেই বৃহৎ গণতন্ত্ৰ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ ত্যাগ কৰাৰ পিছত ভাৰত-আমেৰিকাৰ সম্পৰ্ক উন্নত হ’ব নেকি সেই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, এইটো মন কৰিবলগীয়া যে ই কেৱল বাণিজ্যৰ কথা নহয়। অৱশ্যেই আমেৰিকা আমাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ, আৰু মই বিশ্বাস কৰোঁ যে আগন্তুক বছৰবোৰতো ই তেনেকৈয়ে থাকিব। সামগ্ৰিকভাৱে আমেৰিকাৰ সৈতে কোনো চুক্তিৰ ক্ষেত্ৰত মই কোনো সমস্যা দেখা নাই।

গোৱেলে কয় যে ই বাণিজ্য, প্ৰতিৰক্ষা অংশীদাৰিত্ব, প্ৰযুক্তি অংশীদাৰিত্ব, জটিল খনিজ অংশীদাৰিত্ব, আৰু মানুহৰ মাজত যোগাযোগৰ বিষয়েও জড়িত।’ তেওঁ কয় যে দুয়োখন দেশৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে। প্ৰতিৰক্ষা অনুশীলন, প্ৰযুক্তি, সামগ্ৰী আৰু সেৱাৰ যোগান শৃংখল মুকলি কৰি ৰখা আদি ক্ষেত্ৰত দুয়োপক্ষই অহৰহ সহযোগিতা আগবঢ়াই আহিছে।

দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ)ৰ আলোচনা চলি থকাৰ সময়তে বাণিজ্য মন্ত্ৰীগৰাকীৰ এই মন্তব্য। এই চুক্তিৰ ৰূপৰেখা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হৈছিল যদিও আমেৰিকাৰ শুল্ক ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে আলোচনা অব্যাহত আছে। ভাৰতে বিচাৰে যে প্ৰতিযোগী দেশৰ তুলনাত আমেৰিকাৰ বজাৰত ইয়াৰ সামগ্ৰীৰ ওপৰত কম শুল্ক আৰোপ কৰা হওক।

উল্লেখযোগ্য যে অধিক শুল্ক আৰোপ কৰাৰ পিছতো ২০২৫-২৬ বিত্তীয় বৰ্ষত আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ০.৯২ শতাংশ সামান্য বৃদ্ধি পাই ৮৭.৩ বিলিয়ন ডলাৰ হৈছে। ইফালে এই সময়ছোৱাত আমদানি ১৫.৯৫ শতাংশ বৃদ্ধি পাই ৫২.৯ বিলিয়ন ডলাৰ হৈছে। ভাৰতৰ বাণিজ্য উদ্বৃত্ত ২০২৪-২৫ বিত্তীয় বৰ্ষত ৪০.৮৯ বিলিয়ন ডলাৰৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩৪.৪ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande