
নিউয়ৰ্ক (আমেৰিকা), ১২ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে আইনী বিপৰ্যয়ৰ সন্মুখীন হৈছে ট্ৰাম্প প্ৰশাসন। দেওবাৰে জিলা ন্যায়াধীশ জেনিফাৰ এল ৰ’চনে ৰাষ্ট্ৰপতিগৰাকীৰ ৰাজনৈতিক বাৰ্তাৰ প্ৰচাৰৰ বাবে কৰদাতাৰ পুঁজিৰে লাখ লাখ ডলাৰৰ টেলিভিছন বিজ্ঞাপন বাতিল কৰাৰ নিৰ্দেশ দিয়ে। ৰ’চনে অস্থায়ী ৰেষ্ট্ৰেইনিং অৰ্ডাৰ জাৰি কৰি ট্ৰাম্প প্ৰশাসনক বাকী থকা সকলো বিজ্ঞাপন বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে।
এক্সিঅ’ছৰ এক প্ৰতিবেদন অনুসৰি এই আদেশত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিজ্ঞাপন প্ৰশাসনে তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নৱেম্বৰৰ মধ্যকালীন নিৰ্বাচনৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে এই সিদ্ধান্ত লোৱা হৈছে। ট্ৰাম্প প্ৰশাসনে কৰদাতাৰ ধন ব্যৱহাৰক প্ৰত্যাহ্বান জনাই কেইবাটাও গোচৰ আমেৰিকাত আদালতত বিচাৰাধীন হৈ আছে।
ৱাশ্বিংটনৰ চকীদাৰ সংস্থা কমন ক’জ আৰু অলাভজনক সংস্থা ডেম’ক্ৰেচি ফৰৱাৰ্ড আদিয়ে দাখিল কৰা আবেদনৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। ৱাশ্বিংটনৰ ফেডাৰেল আদালতত ডেম’ক্ৰেটিক নেশ্যনেল কমিটীয়েও একেধৰণৰ গোচৰ ৰুজু কৰিছিল। নিউয়ৰ্ক আদালতৰ ৰায়দানৰ পিছত ট্ৰাম্প প্ৰশাসনে কয় যে বিজ্ঞাপনসমূহে জনসেৱাৰ মনোভাৱ প্ৰতিফলিত কৰে আৰু ইয়াৰ উদ্দেশ্য হৈছে কল্যাণমূলক কাৰ্যসূচীৰ বিষয়ে তথ্য প্ৰদান কৰা। পূৰ্বৰ ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক প্ৰশাসনেও চৰকাৰী নীতিৰ প্ৰচাৰৰ বাবে কৰদাতাৰ পুঁজিৰে বিজ্ঞাপন ব্যৱহাৰ কৰিছিল। অৱশ্যে এই গোচৰ ৰুজু হোৱাৰ পিছত ট্ৰাম্পে বিজ্ঞাপনৰ খৰচ নিজে বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। হোয়াইট হাউছে কয় যে বিজ্ঞাপনৰ বাবে ব্যয় কৰা লাখ লাখ টকা চৰকাৰক ঘূৰাই দিয়াৰ কোনো পৰিকল্পনা নাই।
নিউয়ৰ্কৰ আদালতত দাখিল কৰা গোচৰটোত অভিযোগ কৰা হৈছে যে ট্ৰাম্প প্ৰশাসনে কংগ্ৰেছে অনুমোদন জনোৱাতকৈ অধিক খৰচ কৰি বিজ্ঞাপনৰ নিয়ম উলংঘা কৰিছিল। ডেম’ক্ৰেচি ফৰৱাৰ্ডে এই ৰায়দানৰ বাবে শলাগ লৈছে। খবৰ অনুসৰি এই বিজ্ঞাপনসমূহৰ বাবে গৃহ নিৰাপত্তা বিভাগে কৰদাতাৰ পুঁজি হিচাপে ২ কোটি ডলাৰ আবণ্টন দিছিল। বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰা ধনখিনি ট্ৰাম্পৰ প্ৰৱৰ্জন এজেণ্ডাৰ অংশ হিচাপে কংগ্ৰেছে বিভাগটোক আবণ্টন দিয়া ১৭৫ মিলিয়ন ডলাৰৰ পেকেজৰ পৰা আহিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ