
নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। শ্ৰীৰাম ফাইনেন্স লিমিটেডে নিজৰ ফিক্সড ডিপ’জিট (এফডি) আৰু ফিক্সড ইনভেষ্টমেণ্ট প্লেন (এফআইপি)ৰ সুতৰ হাৰ ০.১৫%ৰ পৰা ০.৪০% (১৫ৰ পৰা ৪০ বেচিছ পইণ্ট) বৃদ্ধি কৰিছে, যিটো ১১ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে ।
শ্ৰীৰাম ফাইনেন্স লিমিটেডৰ তথ্য অনুসৰি ১২ মাহৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ ৬.৮৫%ৰ পৰা ৭%লৈ বৃদ্ধি কৰা হৈছে। ১৫ মাহৰ ডিজিটেলভাৱে জমা কৰা ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ ৭.১০%ৰ পৰা ৭.৫০%লৈ বৃদ্ধি কৰা হৈছে। একেদৰে ১৮ৰ পৰা ২৩ মাহৰ জমা ধনৰ সুতৰ হাৰ ৭.০৫%ৰ পৰা ৭.২৫%লৈ, আৰু ২৪ৰ পৰা ৩৫ মাহৰ জমা ধনৰ সুতৰ হাৰ ৭.১০%ৰ পৰা ৭.৫০%লৈ বৃদ্ধি কৰা হৈছে। এই হাৰ ₹১০ কোটি পৰ্যন্ত জমা ধনৰ ক্ষেত্ৰত প্ৰযোজ্য।
কোম্পানীটোৱে জনোৱা মতে, ৬০ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলে জমা বা নবীকৰণৰ সময়ত প্ৰযোজ্য হাৰত বছৰি ০.৫০% অতিৰিক্ত সুতৰ হাৰ লাভ কৰি থাকিব। মহিলা জমাকাৰীয়ে বছৰি ০.০৫% অতিৰিক্ত সুতৰ হাৰ লাভ কৰিব। ইয়াৰ উপৰিও পৰিপক্ক জমা ধন নবীকৰণ কৰিলে বছৰি ০.১৫% অতিৰিক্ত সুতৰ হাৰ প্ৰদান কৰা হ’ব।
ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা সপ্তাহৰ বুধবাৰে মূল নীতিগত হাৰ ৰেপো হাৰ ০.২৫% বৃদ্ধি কৰে। ৫.৫০% লৈ বৃদ্ধি পাইছে । ১১ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ