তেজপুৰ চেলেঞ্জ কাপ ফুটবল যোৰহাটৰ খিতাপ অৰ্জন
শোণিতপুৰ, ১১ অক্টোবৰ (হি.স.)। তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত একাদশ বাৰ্ষিক তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা পৰবৰ্তী পৰ্য্যায়ত প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ সোঁৱৰণত নামাকৰণ কৰা পঞ্চম বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ
তেজপুৰ চেলেঞ্জ কাপ ফুটবল


শোণিতপুৰ, ১১ অক্টোবৰ (হি.স.)। তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত একাদশ বাৰ্ষিক তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা পৰবৰ্তী পৰ্য্যায়ত প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ সোঁৱৰণত নামাকৰণ কৰা পঞ্চম বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰু তাৰিণী ভূঞা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত যোৰহাট টাউন ক্লাব ফুটবল দলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ফুটবল দলক ২-১গ'লৰ ব্যৱধানত পৰাজিত কৰি নিৰবিচ্ছিন্ন ভাৱে দ্বিতীয় বছৰৰ বাবে চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰিছে। যোৱা দুই অক্টোবৰৰ পৰা পূৱ শোণিতপুৰ ক্ৰীড়া সন্থাৰ সহযোগত চামধৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত ৰাজ্যখনৰ ৮টাকৈ ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলৰ প্ৰথমাৰ্দ্ধতে যোৰহাট টাউন ক্লাব ফুটবল দলৰ ৯নম্বৰ জাৰ্চী পৰিহীত ময়ুখ গগৈয়ে দলৰ হৈ দুটাকৈ গ'ল দিয়াৰ বিপৰীতে দ্বিতীয়াৰ্দ্ধত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ ১৫ নম্বৰ জাৰ্ছী পৰিহীত কাৰ্মা নাৰ্জাৰীয়ে দলৰহৈ একমাত্ৰ গ'লটি দি দলক কিছু সকাহ দিবলৈ সক্ষম হয়।

অসম ফুটবল সন্থাৰ সভাপতি বিধায়ক নৱ দলেই কিক মাৰি শুভাৰম্ভ কৰা চূড়ান্ত খেলৰ পূৰ্বে দুয়ো দলৰ খেলুৱৈ সকলৰ লগত অসম ফুটবল সন্থাৰ সভাপতি নৱ দলে, বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক ঋতুৱৰন শৰ্মা ,অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হিৰেণ গগৈৰ লগত দুয়ো দলৰ খেলুৱৈ সকলৰ লগত জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে পৰিচয় কৰাই দিয়ে। আজিৰ চূড়ান্ত খেল পৰিচালনা কৰে ৰেফাৰী নিৰ্মল ভট্টাচাৰ্যই। চূড়ান্ত খেলৰ বঁটা বিতৰণী সভাত বিধায়ক ঋতুৱৰন শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, বিশিষ্ট সাংবাদিক অতনু ভূঞা, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হিৰেণ গগৈয়ে বঁটা প্ৰদান কৰে। উল্লেখ্যযে চেম্পিয়ন দলে ৰাজেন বৰঠাকুৰ সোঁৱৰণী ট্ৰফীৰ লগতে তাৰিণী ভূঞা সোঁৱৰণী প্ৰাইজমানি এক লাখ টকা আৰু ৰানাৰ্ছ আপ দলে ৰাজেন বৰঠাকুৰ সোঁৱৰণী ট্ৰফীৰ লগতে তাৰিণী ভূঞা সোঁৱৰণী প্ৰাইজমানি ৫০হাজাৰ টকা, চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ যোৰহাট দলৰ ময়ূখ গগৈলৈ প্ৰেম ডেকা সোঁৱৰণী ট্ৰফী আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ যোৰহাট দলৰে নীলিম কুমাৰক অৰুন্ধতী কটকী সোঁৱৰণী ট্ৰফী প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande