নতুন আড্ডা শ্ব' আৰম্ভ কৰিবলৈ সাজু হৈছে কৰণ জোহৰ
মুম্বাই, ১০ অক্টোবৰ (হি.স.)। চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক কৰণ জোহৰৰ জনপ্ৰিয় আড্ডা শ্ব'' কফি উইথ কৰণৰ নৱম ছিজন অন্ত পৰিবলৈ গৈ আছে। কৰণে নিজেই উল্লেখ কৰিছিল যে জিঅ’ হটষ্টাৰত এই ছিজনটোৱেই হ’ব শ্ব’টোৰ চূড়ান্ত খণ্ড। অৱশ্যে তেওঁ আড্ডা শ্ব’ৰ জগতখন এৰি
करण जौहर - फोटो सोर्स एक्स


মুম্বাই, ১০ অক্টোবৰ (হি.স.)। চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক কৰণ জোহৰৰ জনপ্ৰিয় আড্ডা শ্ব' কফি উইথ কৰণৰ নৱম ছিজন অন্ত পৰিবলৈ গৈ আছে। কৰণে নিজেই উল্লেখ কৰিছিল যে জিঅ’ হটষ্টাৰত এই ছিজনটোৱেই হ’ব শ্ব’টোৰ চূড়ান্ত খণ্ড। অৱশ্যে তেওঁ আড্ডা শ্ব’ৰ জগতখন এৰি যোৱা নাই। বাতৰি অনুসৰি কৰণে বলীউডৰ তাৰকাসকলৰ জীৱন, চলচ্চিত্ৰৰ উপাখ্যান, মনোৰঞ্জনৰ মনোৰঞ্জন বিষয়ক লৈ নতুন আড্ডা শ্ব’ৰ প্ৰস্তুতি চলাইছে।

খবৰ অনুসৰি কৰণে নিজৰ নতুন অনুষ্ঠানটো সম্পূৰ্ণ বেলেগ ষ্টাইলত উপস্থাপন কৰিব বিচাৰিছে। যিহেতু জিঅ' হটষ্টাৰ কফি উইথ কৰণ নামৰ অধিকাৰৰ মালিক বুলি জানিব পৰা গৈছে, সেয়েহে কৰণে নতুন নাম আৰু পৰিচয়েৰে নিজৰ নতুন প্ৰগ্ৰেমটো আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। উৰাবাতৰি প্ৰচাৰ হৈছে যে তেওঁ প্ৰথমে ইউটিউবত এই অনুষ্ঠানটো মুকলি কৰিব আৰু পিছত ইয়াৰ অধিকাৰ বিক্ৰী কৰিব পাৰে এটা ডাঙৰ অ’টিটি প্লেটফৰ্মত। এইদৰে এই শ্ব’ৰ জৰিয়তে কৰণে ডিজিটেল প্লেটফৰ্মত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে।

ইফালে, কৰণৰ গুৰুত্ব বৰ্তমান কফি উইথ কৰণ ৯ৰ ওপৰত। খবৰ অনুসৰি বৃহস্পতিবাৰে ছলমান খানে নিজৰ এপিচ’ডৰ শ্বুটিং সম্পূৰ্ণ কৰে। শ্ব’টো আৰম্ভ হ’ব ছলমান খানৰ এপিচ’ডৰ পৰা বুলি চৰ্চা চলিছে। আৰম্ভণি খণ্ডটোত আলিয়া ভাট, ৰণবীৰ কাপুৰ, আৰু বিকি কৌশলো দেখা যাব পাৰে। তদুপৰি শ্বাহৰুখ খান আৰু তেওঁৰ পুত্ৰ আৰিয়ান খান প্ৰথমবাৰৰ বাবে একেলগে দেখা দিব পাৰে। অৱশ্যে এই অতিথি আৰু খণ্ডসমূহৰ আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande