
আইচি-নাগোয়া, ০১ অক্টোবৰ (হি.স.)। ভাৰতীয় ধনুৰ্বিদ গণেশ মণি ৰত্নম থিৰুমুৰুৱে বৃহস্পতিবাৰে এছিয়ান গেমছ ২০২৬ত পুৰুষৰ কম্পাউণ্ড ব্যক্তিগত ধনুৰ্বিদ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক মেচখনত গণেশে ভিয়েটনামৰ কং ডাক ডাঙক ১৪৯-১৪৪ ব্যৱধানত পৰাস্ত কৰি প’ডিয়ামত স্থান দখল কৰে।
গণেশে মেচখন ষ্টাইলত আৰম্ভ কৰে। প্ৰথম ছেটত তেওঁ একেৰাহে তিনিটা ১০ পইন্ট কৰাৰ বিপৰীতে ডাঙে ১০, ৯, আৰু ১০ পইন্ট সংগ্ৰহ কৰে। ইয়াৰ ফলত তেওঁ ৩০-২৯ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
দ্বিতীয় ছেটত ভাৰতীয় ধনুৰ্বিদগৰাকীয়েও তিনিওটা কাঁড়তে ১০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডাঙে ১০, ৯, আৰু ১০ পইন্ট সংগ্ৰহ কৰে।গণেশে নিজৰ অগ্ৰগতি ৬০-৫৮ লৈ বৃদ্ধি কৰে।
তৃতীয় ছেটত দুয়োজন ধনুৰ্বিদে তিনিটা প্ৰচেষ্টাৰ প্ৰতিটোতে ১০ পইণ্ট সংগ্ৰহ কৰে। ইয়াৰ পিছতো গণেশে নিজৰ সামগ্ৰিক স্ক’ৰ ৯০-৮৮ অগ্ৰগতি বজাই ৰাখিছিল ।
চতুৰ্থ ছেটত গণেশে ১০, ৯, আৰু ১০ পইন্ট সংগ্ৰহ কৰাৰ বিপৰীতে ডাঙে ৯, ১০, আৰু ৯ পইন্ট সংগ্ৰহ কৰে। ১১৯-১১৬ ব্যৱধানত অগ্ৰগতিৰে অন্তিম ছেটত প্ৰৱেশ কৰে গণেশে।
পঞ্চম আৰু অন্তিম ছেটত গণেশে একেৰাহে তিনিটা ১০ পইন্ট সংগ্ৰহ কৰাৰ বিপৰীতে ডাঙে মাত্ৰ ৮, ১০, আৰু ১০ পইণ্টহে সংগ্ৰহ কৰে।গণেশে মুঠ ১৪৯ পইণ্ট সংগ্ৰহ কৰাৰ বিপৰীতে ডাঙে ১৪৪ পইণ্ট সংগ্ৰহ কৰে।
গণেশে ১৪ বাৰ ১০ পইণ্ট আৰু মাত্ৰ এবাৰহে ৯ পইণ্ট লাভ কৰে। তেওঁৰ উৎকৃষ্ট সঠিকতাৰ বাবে ভাৰতে কম্পাউণ্ড ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
ইয়াৰ লগে লগে এছিয়ান গেমছত ভাৰতীয় কম্পাউণ্ড আৰ্চাৰী দলৰ অভিযান সমাপ্ত হয় তিনিটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদকেৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া