ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াৰএক্সেল এণ্টাৰটেইনমেণ্টত বৃহৎ অংশীদাৰিত্ব লাভ
ইউনিভাৰ্চেল মিউজিক গ্ৰুপ (ইউএমজি)ৰ অংশ ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াই ভাৰতৰ আগশাৰীৰ চলচ্চিত্ৰ আৰু ডিজিটেল কন্টেন্ট কোম্পানী এক্সেল এণ্টাৰটেইনমেণ্টৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। চুক্তিখনত এক্সেলৰ মূল্য প্ৰায় ২,৪০০ কোটি ₹, ইউএমআইয়ে ৩০% অ
एक्सेल एंटरटेनमेंट


ইউনিভাৰ্চেল মিউজিক গ্ৰুপ (ইউএমজি)ৰ অংশ ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াই ভাৰতৰ আগশাৰীৰ চলচ্চিত্ৰ আৰু ডিজিটেল কন্টেন্ট কোম্পানী এক্সেল এণ্টাৰটেইনমেণ্টৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। চুক্তিখনত এক্সেলৰ মূল্য প্ৰায় ২,৪০০ কোটি ₹, ইউএমআইয়ে ৩০% অংশীদাৰিত্ব লাভ কৰিছে। এই চুক্তিয়ে এক্সেলৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰাৰ লগতে ভাৰতত ইউএমআইৰ উপস্থিতি শক্তিশালী কৰিব।

এই চুক্তিৰ অধীনত ইউএমজিয়ে এক্সেলৰ মালিকানাধীন বা নিয়ন্ত্ৰিত ভৱিষ্যতৰ সকলো প্ৰকল্পৰ বাবে মূল চাউণ্ডট্ৰেকৰ বাবে গ্লোবেল বিতৰণ অধিকাৰ লাভ কৰিব। এটা নতুন এক্সেল মিউজিক লেবেল মুকলি কৰা হ’ব, যিটো ইউনিভাৰ্চেল মিউজিক গ্ৰুপে বিশ্বজুৰি বিতৰণ কৰিব। ইউনিভাৰ্চেল মিউজিক পাব্লিছিং গ্ৰুপ এক্সেলৰ একচেটিয়া সংগীত প্ৰকাশন অংশীদাৰ হ’ব, যিয়ে ইউএমজিৰ শিল্পী আৰু তেওঁলোকৰ ৰচনাসমূহক এক্সেলৰ আগন্তুক ছবি আৰু ধাৰাবাহিকসমূহত অন্তৰ্ভুক্ত কৰাৰ নতুন সুযোগ প্ৰদান কৰিব। এই অংশীদাৰিত্বৰ অংশ হিচাপে দেৱৰাজ ছানয়ালে এক্সেল এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সমিতিতো যোগদান কৰিব, আনহাতে ৰিতেশ সিধৱানী আৰু ফাৰহান আখতাৰে কোম্পানীটোৰ সৃষ্টিশীল দিশ আৰু বিষয়বস্তুৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি যাব।

ৰিতেশ সিধৱানী আৰু ফাৰহান আখতাৰে এই অংশীদাৰিত্বক ভাৰতীয় বিষয়বস্তু বিশ্ব মঞ্চলৈ অনাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে। এক্সেলৰ চিইঅ’ বিশাল ৰামচন্দনীয়ে কয় যে এই সহযোগিতাই এক্সেলক “গ্ল’বেল ক্ৰিয়েটিভ ষ্টুডিঅ’” হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। ইউএমজিৰ এএমইএৰ চিইঅ’ এডাম গ্ৰেনাইটে ভাৰতক দ্ৰুতগতিত বৃদ্ধি পোৱা আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সংগীতৰ বজাৰ বুলি অভিহিত কৰি কয় যে এক্সেলৰ সৈতে এই বিনিয়োগে দুয়োটা কোম্পানীকে দীৰ্ঘম্যাদী লাভ কঢ়িয়াই আনিব।

উল্লেখ্য় যে ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা এক্সেল এণ্টাৰটেইনমেণ্টে ৪০খনতকৈও অধিক ছবি আৰু মৌলিক ধাৰাবাহিক নিৰ্মাণ কৰিছে আৰু ৬০টাতকৈও অধিক উদ্যোগৰ বঁটা লাভ কৰিছে। দিল চাহতা হায়ৰ পৰা আৰম্ভ কৰি গলি বয়, ডন ধাৰাবাহিক, ফুকৰে, মিৰ্জাপুৰ, মেড ইন হেভেন, আৰু দাৰলৈকে সফল ছবি আৰু অনুষ্ঠানৰ জৰিয়তে এক্সেলে ভাৰতীয় মনোৰঞ্জন উদ্যোগত এক শক্তিশালী উপস্থিতি স্থাপন কৰিছে। এই নতুন চুক্তিৰ জৰিয়তে এক্সেল আৰু ইউনিভাৰ্চেল মিউজিক গ্ৰুপৰ অংশীদাৰিত্বক বিশ্বজুৰি ভাৰতীয় সংগীত আৰু চিনেমাক নতুন উচ্চতালৈ লৈ যোৱাৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande