শীৰ্ষ ১৫ ৰ ভিতৰত চৰ্টলিষ্ট কৰা হোমবাউণ্ড অস্কাৰৰ ওচৰ চাপিছে
নীৰজ ৰাঘৱানীৰ পৰিচালক হোমবাউণ্ড য়ে ৯৮ সংখ্যক একাডেমী বঁটা (অস্কাৰ ২০২৬)ৰ দৌৰত ভাৰতৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। ঈশান খাটাৰ, বিশাল জেথৱা, আৰু জানহৱী কাপুৰ অভিনীত ছবিখনে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শিতানত চৰ্টলিষ্ট
फोटो


নীৰজ ৰাঘৱানীৰ পৰিচালক হোমবাউণ্ড য়ে ৯৮ সংখ্যক একাডেমী বঁটা (অস্কাৰ ২০২৬)ৰ দৌৰত ভাৰতৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। ঈশান খাটাৰ, বিশাল জেথৱা, আৰু জানহৱী কাপুৰ অভিনীত ছবিখনে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শিতানত চৰ্টলিষ্ট কৰিছে। ভাৰতৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত, কিয়নো অস্কাৰৰ মনোনয়নৰ দৌৰত হোমবাউণ্ডই আন এক ডাঙৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।

হোমবাউণ্ডৰ উপৰিও আন ১৪খন ছবিও একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে প্ৰকাশ কৰা তালিকাত চৰ্টলিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত ব্ৰাজিলৰ দ্য ছিক্ৰেট এজেণ্ট, আৰ্জেণ্টিনাৰ বেলেন, ফ্ৰান্সৰ ইট ৱাজ জাষ্ট এ এক্সিডেণ্ট, জাৰ্মানীৰ ছাউণ্ড অৱ ফলিং, জাপানৰ কোকুহো, দক্ষিণ কোৰিয়াৰ নো অদাৰ চয়ছ, চুইজাৰলেণ্ডৰ লেট শ্বিফ্ট, টাইৱানৰ লেফ্ট-হেণ্ডেড গাৰ্ল, টিউনিছিয়াৰ দ্য ভইচ অৱ হিন্দ ৰাজব আদি প্ৰশংসিত ছবি।

ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “হোমবাউণ্ড” ছবিখনে ইয়াৰ পূৰ্বে কান চলচ্চিত্ৰ মহোৎসৱ ২০২৫ আৰু টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা লাভ কৰিছিল। এতিয়া অস্কাৰ ২০২৬ৰ বাবে চৰ্টলিষ্ট হোৱাৰ পিছত ছবিখনৰ প্ৰতি আশা আৰু অধিক বৃদ্ধি পাইছে।

অচিৰেই একাডেমীয়ে এই ১৫ খন ছবিৰ পৰা পাঁচগৰাকী চূড়ান্ত মনোনীতক ঘোষণা কৰিব, আৰু এই প্ৰেক্ষাপটত হোমবাউণ্ড আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ বাবে এক ডাঙৰ কৃতিত্ব হিচাপে আত্মপ্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande