
নতুন দিল্লী, ২৩ জানুৱাৰী (হি.স.)। আজি কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক আনুষ্ঠানিক বিবৃতিত প্ৰধানমন্ত্ৰীৰ কেৰালা আৰু তামিলনাডু ভ্ৰমণৰ সবিশেষ উল্লেখ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ কেৰেলা আৰু তামিলনাডু ভ্ৰমণৰ তথ্য নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰে।
এক আনুষ্ঠানিক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ তিৰুৱনন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে ৰেল সংযোগ, নগৰীয়া জীৱিকা, বিজ্ঞান আৰু উদ্ভাৱন, জনকেন্দ্ৰিক সেৱা, আৰু উন্নত স্বাস্থ্যসেৱাকে ধৰি মূল খণ্ডসমূহ সামৰি লয়।
প্ৰধানমন্ত্ৰী মোদীয়ে পিএম স্বনিধি ক্ৰেডিট কাৰ্ড ( PM SVANidhi Credit Card) মুকলি কৰাৰ লগতে পিএম স্বনিধি ( PM SVANidhi) ঋণ এক লাখ হিতাধিকাৰীক বিতৰণ কৰিব। তেওঁ তিনিখন অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব, যিয়ে সমগ্ৰ কেৰেলাৰ ৰে’ল সংযোগ উন্নত কৰিব। তিৰুৱনন্তপুৰমত চিএছআইআৰ-এনআইআইএছটি উদ্ভাৱন, প্ৰযুক্তি, আৰু উদ্যোগীকৰণ হাবৰ আধাৰশিলা স্থাপন কৰিব।
বিজেপিৰ এটা পোষ্ট অনুসৰি প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ উপৰিও তামিলনাডু ভ্ৰমণ কৰিব। তেওঁ তামিলনাডুৰ মাদুৰান্তকম (চেংগলপট্টু)ত ৰাজহুৱা সভাত ভাষণ দিব। এই সমাৱেশৰ জৰিয়তে তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰচাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। তামিলনাডুৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী পীয়ুষ গোৱালে কালি মিত্ৰশক্তিৰ সৈতে বৈঠকত মিলিত হৈ ঐক্য সুনিশ্চিত কৰে। পালানিস্বামীক সাক্ষাৎ কৰাৰ পিছত তেওঁ দাবী কৰে যে এপ্ৰিল মাহত ৰাজ্যত এআইএডিএমকে নেতৃত্বাধীন এনডিএ ক্ষমতালৈ আহিব।
हिन्दुस्थान समाचार / অৰৱিন্দ