
ৱাশ্বিংটন, ২৩ জানুৱাৰী (হি.স.)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ এটা মধ্যম পথ বিচাৰি উলিয়াইছে ছ’চিয়েল মিডিয়া এপ টিকটকে। হোৱাইট হাউছৰ এজন বিষয়াই নিশ্চিত কৰিছে যে চীন আৰু আমেৰিকাই এই এপটোৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে। দুবছৰ পূৰ্বে আমেৰিকাত ফেডাৰেল আইন কাৰ্যকৰী হোৱাৰ পিছত টিকটক নিষিদ্ধ কৰা হৈছিল। ২০২৪ চনত গৃহীত এই দ্বিপাক্ষিক আইন অনুসৰি টিকটকৰ চীনা মূল কোম্পানী বাইটডান্সে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ আমেৰিকাৰ কাৰ্য্যকলাপৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব লাগিব নহ’লে আমেৰিকাৰ এপ ষ্ট’ৰ আৰু ৱেব-হ’ষ্টিং সেৱাৰ প্ৰৱেশ হেৰুৱাব লাগিব।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে এই আইনখন সমৰ্থন কৰি ২০২৫ চনৰ ১৯ জানুৱাৰীৰ পিছত এপ ষ্ট’ৰত আপডেট বা নতুন ডাউনলোড প্ৰদান কৰাটো অবৈধ কৰি তুলিছিল।কিন্তু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কেইমাহমানৰ ভিতৰতে এক কাৰ্যবাহী আদেশ জাৰি কৰি ন্যায় বিভাগক নিজৰ প্লেটফৰ্মত টিকটক আয়োজন কৰা টেক কোম্পানীসমূহক শাস্তি নিদিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ বাবেই এই এপটো নিষেধাজ্ঞাৰ পিছতো আমেৰিকাত বহুলভাৱে উপলব্ধ হৈ থাকিল।
টিকটকে বৃহস্পতিবাৰে নিশ্চিত কৰে যে আমেৰিকাৰ ব্যৱহাৰকাৰীৰ বাবে এপটোৰ কাৰ্য্যকলাপ পৰিচালনাৰ বাবে মূলতঃ আমেৰিকা ভিত্তিক বিনিয়োগকাৰীৰে গঠিত এক যৌথ উদ্যোগ আনুষ্ঠানিকভাৱে গঠন কৰা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া টিকটকে এক বিবৃতিত কয় যে তিনিটা ফাৰ্ম-আমেৰিকা ভিত্তিক অৰেকল, ছিলভাৰ লেক, আৰু আবুধাবি ভিত্তিক এমজিএক্স ভেঞ্চাৰছ-এ মেনেজিং বিনিয়োগকাৰী হিচাপে কাম কৰিব আৰু কোম্পানীটোৰ মুঠ ৪৫% মালিক হ’ব।
অৰেকলৰ সহ-প্ৰতিষ্ঠাপক আছিল লেৰী এলিছনে। তেওঁৰ পুত্ৰ ডেভিদ এলিছন চিবিএছ নিউজৰ মূল কোম্পানী পেৰামাউণ্ট স্কাইডান্সৰ অধ্যক্ষ আৰু চিইঅ’। পেৰামাউণ্ট স্কাইডান্সত এলিছন পৰিয়ালৰ নিয়ন্ত্ৰণ অংশীদাৰ। বাকী ৩৫% ডেলৰ চিইঅ’ মাইকেল ডেলৰ গ্ৰুপকে ধৰি আন আঠজন বিনিয়োগকাৰীৰ হাতত থাকিব। বাইটডান্সে ১৯.৯% অংশীদাৰিত্ব ৰক্ষা কৰিব। ইয়াৰ পিছত চীন চৰকাৰে কি কৰাৰ পৰিকল্পনা কৰিছে সেয়া স্পষ্ট হোৱা নাই।
টিকটকে উল্লেখ কৰিছে যে এই এপটোৰ আমেৰিকান সংস্কৰণটো বিশ্বৰ বাকী অংশত ব্যৱহৃত সংস্কৰণৰ সৈতে ইন্টাৰঅপাৰেবল হ’ব। নতুন চুক্তিৰ অধীনত আমেৰিকানসকলে এতিয়াও বিশ্বব্যাপী কন্টেন্টৰ সুবিধা লাভ কৰিব। টিকটকৰ চিইঅ’ শ্বাও চ্যুও নতুন উদ্যোগটো চোৱাচিতা কৰা পৰিচালনা সমিতিৰ সদস্য হিচাপে থাকিব। তেওঁৰ লিংকডইন প্ৰফাইল অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই উদ্যোগটোৰ চিইঅ’ হৈছে এডাম প্ৰেছাৰ। ২০২২ চনৰ পৰা তেওঁ টিকটকত কাম কৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া