
মেলবৰ্ণ, ২৩ জানুৱাৰী (হি.স.)। স্পেইনৰ যুৱ টেনিছ তাৰকা কাৰ্লোছ আলকাৰাজে অষ্ট্ৰেলিয়ান অ’পেনত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি শুকুৰবাৰে ফ্ৰান্সৰ ক’ৰেন্টিন মাউটেৰ বিৰুদ্ধে পোনপটীয়া ছেটত জয়লাভ কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে। ব্যক্তিগত ১০০ সংখ্যক গ্ৰেণ্ড শ্লেম মেচত আলকাৰাজে ৬-২, ৬-৪, ৬-১ ব্যৱধানত জয়লাভ কৰে। দুঘণ্টা পাঁচ মিনিট ধৰি খেলখন চলিছিল।
ছয় বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন আলকাৰাজে ৰড লেভাৰ এৰিনাত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে। এই জয়ৰ সূত্ৰে কোৱাৰ্টাৰ ফাইনেলত স্থান লাভৰ অৰ্থে আলকাৰাজৰ ১৯ নং বাচনিৰ আমেৰিকাৰ টমী পলৰ সৈতে মুখামুখি হোৱাটো নিশ্চিত কৰে।
অষ্ট্ৰেলিয়ান অ’পেনত আলকাৰাজে কেতিয়াও কোৱাৰ্টাৰ ফাইনেলৰ বাহিৰলৈ আগবাঢ়িব পৰা নাই আৰু এইটোৱেই হৈছে তেওঁৰ সংগ্ৰহত যোগ নকৰা একমাত্ৰ গ্ৰেণ্ড শ্লেম খিতাপ। ইয়াত যদি তেওঁ খিতাপ দখল কৰে তেন্তে তেওঁ চাৰিওটা গ্ৰেণ্ড শ্লেম জয় কৰা আটাইতকৈ কম বয়সীয়া পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হ’ব।
মেচৰ পিছত আলকাৰাজে কয়, ক'ৰেন্টিনৰ দৰে খেলুৱৈৰ বিৰুদ্ধে খেলাটো সহজ নহয় কাৰণ পৰৱৰ্তী শ্বট কি হ'ব কেতিয়াও নাজানে। কিন্তু ক'ৰ্টত মই বহুত আনন্দ কৰিলোঁ।
এইখন আছিল আলকাৰাজৰ কেৰিয়াৰৰ ১০০ সংখ্যক গ্ৰেণ্ড শ্লেম মেচ, আৰু এই সময়ছোৱাত তেওঁৰ অভিলেখ হৈছে ৮৭টা জয় আৰু ১৩টা পৰাজয়, যিটো কিংবদন্তি বিজৰ্ন বৰ্গৰ অভিলেখৰ সমান।
हिन्दुस्थान समाचार / Manoj Kumar Saikia