
নগাঁও, ২৩ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ধিঙত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । অচিনাক্ত বাহনে এখন টেম্পুক খুন্দিয়াই পলায়ন কৰে ।
এই ঘটনাত যাত্ৰীবাহী টেম্পো খনত থকা শিশু মহিলা সহ পাঁচ জনকৈ লোক গুৰুতৰ ভাৱে আঘাতপ্রাপ্ত হয় । আঘাতপ্ৰাপ্ত লোক সকলক ধিং এফ আৰ ইউত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনাস্থলিত ধিং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । দুৰ্ঘটনাত পতিত হোৱা টেম্পো খনৰ নম্বৰ এএছ ০২ চি ২৭১৭ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ