১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা, উদ্বোধন কৰিব কেইবাটাও বৃহৎ প্ৰকল্পঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ২৩ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৪ ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী


গুৱাহাটী, ২৩ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৪ ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সম্ভাৱনা আছে।

মুখ্যমন্ত্রীৰ ফেচবুক লাইভত প্রকাশ কৰা অনুসৰি প্রধানমন্ত্রীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী দলং উদ্বোধন কৰিব৷ এই দলংখন মুকলি কৰাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰৰ মাজত যাতায়ত সহজ হ’ব আৰু গুৱাহাটী মহানগৰীৰ যাতায়তৰ পৰিস্থিতি যথেষ্ট লাঘৱ হ’ব।

ড০ শৰ্মাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম) গুৱাহাটীও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব, যিয়ে উত্তৰ-পূব অঞ্চলৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰিব।

তদুপৰি ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীক মৰাণত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত উন্নত লেণ্ডিং প্লেটফৰ্মত অৱতৰণ কৰিবলৈ অনুৰোধ জনাইছে। এই ঘাইপথটো জৰুৰীকালীন আৰু কৌশলগত প্ৰয়োজনীয়তাৰ বাবে ডিজাইন কৰা হৈছে, অসমৰ আন্তঃগাঁথনিৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande