
ভাৰতীয় ইতিহাসত ২৪ জানুৱাৰীৰ দিনটো কেইবাটাও উল্লেখযোগ্য ঘটনাৰ বাবে স্মৰণীয়। ১৯৫০ চনৰ আজিৰ দিনটোতে ২৮৪ জন সদস্যই সংবিধানত স্বাক্ষৰ কৰি অনুমোদন জনায়। তদুপৰি, সাময়িকভাৱে সংবিধান সভা চলি থকাৰ সময়তে ১৯৫২ চনত নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ সংসদ গঠন হয়।
আজিৰ দিনটোতে সংবিধান সভাই ড° ৰাজেন্দ্ৰ প্ৰসাদক দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰে। ১৯৫০ চনৰ ২৪ জানুৱাৰীত ভাৰতে আনুষ্ঠানিকভাৱে নিজৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন গ্ৰহণ কৰে। বন্দে মাতৰমকো ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰা হৈছিল।
২৪ জানুৱাৰীক ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপেও পালন কৰা হয়। ২০০৮ চনৰ পৰা উদযাপন কৰা এই দিৱসটোৰ লক্ষ্য হৈছে ছোৱালীৰ জন্ম আৰু তেওঁলোকৰ অধিকাৰৰ প্ৰতি সমাজৰ ধাৰণা সলনি কৰা। এই দিনটোৰ বিশেষ তাৎপৰ্য আছে কাৰণ ১৯৬৬ চনৰ ২৪ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। সংবিধান, গণতন্ত্ৰ, সমতা, আৰু নাৰী সবলীকৰণৰ প্ৰতীক এই দিৱস দেশবাসীৰ বাবে স্মৰণীয় হৈ পৰিছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৫৫৬ - আজিৰ দিনটোতে চীনত এক বৃহৎ ভূমিকম্পৰ ফলত ৮ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু হয়।
১৮২৪ - ৰাছিয়াৰ পেট্ৰ'গ্ৰাডৰ নাম সলনি কৰি কৰা হয় লেনিনগ্ৰাড।
১৮৩৯ - চাৰ্লছ ডাৰউইন ৰয়েল ছ’চাইটিৰ ফেলো নিৰ্বাচিত হয়।
১৮৫৭ - কলিকতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।
১৯২৪ - ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গ চহৰৰ নাম লেনিনগ্ৰাড ৰখা হয়।
১৯৩৬ - এলবাৰ্ট ছাৰাউট ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী হয়।
১৯৩৯ - চিলিত ভূমিকম্পৰ ফলত ৩০ হাজাৰ লোকৰ মৃত্যু হয়।
১৯৫০ - সংবিধান গ্ৰহণ আৰু কাৰ্যকৰীকৰণৰ সমৰ্থনত ২৮৪ জন সদস্যই স্বাক্ষৰ কৰে।
১৯৫০ - ড° ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হয়।
১৯৫০ - আজিৰ দিনটোতে জনগণ মনক ৰাষ্ট্ৰীয় সংগীত হিচাপে আৰু বন্দে মাতৰমক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰা হয়।
১৯৫১ - প্ৰেম মাথুৰ ভাৰতৰ প্ৰথম মহিলা বাণিজ্যিক পাইলট হিচাপে পৰিগণিত হয়।
১৯৫২ - মুম্বাইত প্ৰথম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়।
১৯৬৫ - ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছাৰ উইন্সটন চাৰ্চিলৰ মৃত্যু হয়।
১৯৬৬ - আল্পছ পৰ্বতমালাত এয়াৰ ইণ্ডিয়া বয়িং বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ড° হোমী ভাভাকে ধৰি ১১৪ জন লোকৰ মৃত্যু হয়।
১৯৬৬ - ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী তথা দেশৰ পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ হোমী জেহাংগীৰ ভাভাৰ মৃত্যু হয়।
১৯৭৩ - ভিয়েটনাম যুদ্ধৰ অন্ত পৰাৰ লগে লগে আমেৰিকাই লাওছ আৰু কম্বোডিয়াত যুদ্ধবিৰতি ঘোষণা কৰে।
১৯৭৯ - আমেৰিকাই নেভাদাত পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৮৯ - পেৰুৰ সোণৰ খনিত ১০০ৰো অধিক শ্ৰমিক আবদ্ধ হৈ পৰে।
১৯৯১ - লিথুৱেনিয়া ৰিপাব্লিকে ছোভিয়েট সৈন্য প্ৰত্যাহাৰৰ দাবী জনায়।
১৯৯৩ - ছয়ুজ টি এম-১৬ উৎক্ষেপণ কৰা হয়।
১৯৯৩ - ছোমালিয়াত আমেৰিকান সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।
১৯৯৬ - আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট লেডী হিলাৰী ক্লিণ্টনক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয়।
২০০০ - সংবিধানৰ ৭৯ সংখ্যক সংশোধনীত ৰাষ্ট্ৰপতিৰ সন্মতি, নিৰ্বাচনত দলিত সংৰক্ষণৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰা হয়।
২০০১ - ভাৰতে জৈৱ সুৰক্ষা চুক্তি স্বাক্ষৰ কৰে।
২০০১ - সংসদে জোচেফ কাবিলাক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাত অনুমোদন জনায়।
২০০২ - ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কফি আন্নান ইছলামাবাদত উপস্থিত হৈ ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতাকাৰীৰ প্ৰস্তাৱ নবীকৰণ কৰে।
২০০২ - এনৰানৰ অধ্যক্ষ কেনেথ লীয়ে পদত্যাগ কৰে।
২০০২ - ভাৰতীয় উপগ্ৰহ ইনচাট-৩চি (INSAT-3C) সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।
২০০৩ - উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াই পাৰমাণৱিক সংকটৰ শান্তিপূৰ্ণ সমাধানৰ ক্ষেত্ৰত সহমতত উপনীত হয়।
২০০৩ - ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰত্যাৰ্পণ চুক্তি স্বাক্ষৰিত হয়।
২০০৫ - অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশৰ বিধায়িকা পৰিতলা ৰৱীক গুলীয়াই হত্যা কৰা হয়।
২০০৫ - ২০০৫ চনৰ গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি ভূটানৰ ৰজা জিগমে চিংগে ৱাংচুক ভাৰতত উপস্থিত হয়।
২০০৭ - ৰাছিয়া আৰু ভাৰতে পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণৰ চুক্তি স্বাক্ষৰ কৰে।
২০০৮ - উত্তৰ প্ৰদেশত অনাময় নীতিৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠন কৰা হয়।
২০০৮ - প্ৰাক্তন সেনা প্ৰধান জে.জে. সিঙক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।
২০০৮ - আফগান আদালতে ইছলামক অপমান কৰাৰ অপৰাধত এজন সাংবাদিকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০০৮ - পাকিস্তানী সেনাই আফগান সীমান্তৰ সমীপত উগ্ৰপন্থীৰ সৈতে হোৱা তীব্ৰ যুদ্ধত দক্ষিণ ৱাজিৰস্তানৰ তিনিটা অঞ্চল মুক্ত কৰে।
২০১০ - ২০০৮ চনৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়।
২০১১ - মস্কোৰ ডমোডেড’ভ’ বিমানবন্দৰত হোৱা বোমা বিস্ফোৰণত ৩৫ জন লোকৰ মৃত্যু হয় আৰু ১৮০ জন আহত হয়।
জন্ম
১৮২৬ - জ্ঞানেন্দ্ৰ মোহন ঠাকুৰ - প্ৰথম ভাৰতীয় বেৰিষ্টাৰ।
১৮৭৭ - আজিৰ দিনটোতে পুলিন বিহাৰী দাস - এজন মহান স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱী।
১৯১৪ - শ্বাহ নৱাজ খান - আজাদ হিন্দ ফৌজৰ বিষয়া।
১৯২৪ - কাৰ্পুৰী ঠাকুৰ - স্বাধীনতা সংগ্ৰামী আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৩২ - এছ কে সিং - অৰুণাচল প্ৰদেশ আৰু ৰাজস্থানৰ ৰাজ্যপাল।
১৯৪৫ - সুভাষ ঘাই - হিন্দী ছবিৰ প্ৰখ্যাত প্ৰযোজক-পৰিচালক।
মৃত্যু
১৯৫৮ - চন্দ্ৰবলী পাণ্ডে, প্ৰখ্যাত সাহিত্যিক।
১৯৬৬ - ভাৰতীয় পদাৰ্থবিজ্ঞানী হোমী জেহাংগীৰ ভাভা।
২০১১ - ভীমসেন যোশী, ভাৰত ৰত্ন বঁটা বিজয়ী শাস্ত্ৰীয় গায়ক।
গুৰুত্বপূৰ্ণ দিন
- ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া