হাজোৰ নতুন দিহিনাত পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ
পত্নীৰ হাতত প্ৰান গ'ল স্বামীৰ।
হাজোৰ নতুন দিহিনাত পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ


কামৰূপ, ১১ জানুৱাৰী (হি.স.): হাজোৰ নতুন দিহিনাত চাঞ্চল্যকৰ হত্যাকাণ্ড । ভোগালীক আদৰাৰ উখল-মাখল পৰিৱেশৰ মাজতে মাজতে হাজোৰ নতুন লোমহৰ্ষক হত্যাকাণ্ডই জোকাঁৰিছে সমগ্ৰ অঞ্চল। যোৱা কালি শনিবাৰে সন্ধিয়া পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ।

পত্নীয়ে লোৰে মৰিয়াই মৰিয়াই নৃশংশ ভাৱে হত্যা কৰিলে নিজ স্বামীক। এই নৃশংস ঘটনা সংঘটিত হৈছে হাজোৰ নতুন দিহিনাত । স্বামী দামোদৰ দাসক হত্যা কৰি হাজো আৰক্ষী থানাত আত্মসমৰ্পন কৰে পত্নী ভানু দাসে । বিবাহ পাশঁত আৱদ্ধ হোৱাৰ ত্ৰিশ বছৰৰে পৰা মানসিক আৰু শাৰিৰীক ভাৱে অত্যাচাৰ চলাই আহিছিল দামোদৰ দাসে পত্নী আৰু সন্তান কেইটিক । কালি ধৈৰ্যৰ বান্ধ ছিগি বিবেকহীন হৈ স্বামী দামোদৰ দাসক লোৰে কোবাই হত্যা কৰা বুলি অকপট স্বীকাৰ কৰে পত্নী ভানু দাসে। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰি অব্যাহত ৰাখিছে পৰৱৰ্তী কাম-কাজ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande