
চিৰাং, ১১ জানুৱাৰী (হি.স.)। চিৰাঙৰ বিজনীৰ বৰলাউগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ আজি অন্তিম দিনত উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা সংস্কৃতিৰ মিলন স্থলীলৈ ৰূপান্তৰিত হয়।
ৰাতিপুৱা বড়ো সাহিত্য সভাৰ থেংফাংখ্ৰী ফৌথাৰৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা পতাকা জোকাৰি উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি প্ৰশান্ত বড়োই ।
আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাত বড়ো সকলৰ উপৰি মিচিং,ৰাভা, তিৱা, ডিমাছা, গাৰো, কোচ আদি জাতি জনগোষ্ঠীৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পৰাও এটা সাংস্কৃতিক দলে আজিৰ?এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা