
বাৰাণসী, ১১ জানুৱাৰী (হি.স.)। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ চিগ্ৰাৰ ড° সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা ৭২ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপৰ মহিলাৰ ফাইনেলত কেৰালাই ৰেলৱেক পৰাস্ত কৰে। কেৰালাই ৰে’লৱেক ৩-২ (২২-২৫, ২৫-২০, ২৫-১৫, ২২-২৫, ১৫-৮) ব্যৱধানত পৰাস্ত কৰি নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখি খিতাপ দখল কৰে।
পূৰ্বৰ ছেমি ফাইনেলত শনিবাৰে সন্ধিয়া ৰাজস্থানৰ বিৰুদ্ধে ৰে’লৱেই নিজৰ আধিপত্য বজাই ৰাখিছিল। অতি প্ৰতিযোগিতামূলক আৰু তীব্ৰ খেলত ৰেলৱেই দ্বিতীয় মহিলাৰ ছেমি ফাইনেলত ৰাজস্থানক ৩-১ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ৰেলৱেই খেলখন আক্ৰমণাত্মকভাৱে আৰম্ভ কৰি প্ৰথম দুটা ছেট ২৫-১৩ আৰু ২৫-১৬ৰ পতিয়ন যোগ্য ব্যৱধানত জয়লাভ কৰে। তৃতীয় ছেটত ৰাজস্থানে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ২৬-২৪ ব্যৱধানত জয়লাভ কৰি মেচখনক এক ৰোমাঞ্চকৰ প্ৰসংগলৈ পৰিণত কৰে। কিন্তু চতুর্থ ছেটত ৰে’লৱেই পুনৰ গতি লাভ কৰি ২৫-১৯ ব্যৱধানত জয়লাভ কৰি মেচখন ৩-১ ব্যৱধানলৈ লৈ যায় ৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া