
নগাঁও, ১১ জানুৱাৰী (হি.স.): পদুলিয়ে পদুলিয়ে সহায় বিচাৰি হাবাথুৰি খাইছে এজন দুৰ্ভগীয়া পিতৃয়ে । পুত্ৰ সন্তানৰ চিকিৎসাৰ বাবে পদুলিয়ে পদুলিয়ে অৰ্থ সংগ্ৰহ কৰি ফুৰিছে দিন মজুৰি কৰা হাফিজুৰ ৰহমান নামৰ লোকজনে।
প্ৰায় চাৰি মাহ ধৰি অসুস্থ সন্তানক কোলাত লৈ অৰ্থ সংগ্ৰহ কৰি ফুৰিছে পুৰণিগুদাম ন-আলি মূৰৰ হাফিজুৰে । স্থানীয় বিধায়কক ৰূপক শৰ্মাৰ সহায় বিচাৰি লাভ কৰা নাই কোনো ফল । আৰ্থিক সংকটে জুৰুলা কৰা পিতৃয়ে বিচাৰিছে সু হৃদয় লোকৰ সহায় । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক যোগাযোগ কৰিবলৈ দিছপুৰ গৈছিল যদিও সাক্ষাৎ কৰিবলৈ সক্ষম হোৱা হাফিজুৰ ৰহমানে । পুত্ৰৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক সহায় বিচাৰি কাতৰ আহ্বান জনায় পিতৃ হাফিজুৰ ৰহমানে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ