
বৰপেটা, ১১ জানুৱাৰী (হি.স.): নতুন বছৰ আৰু ভোগালী বিহু উপলক্ষে বনভোজপ্ৰেমীয়ে ভিৰ কৰিছে প্ৰাকৃতিক বিনন্দীয়া পৰিবেশেৰে সুসজ্জিত নখান্দা নৈৰ পাৰত বনভোজস্থলীত। ক্ষুদ্ৰ বনাঞ্চলৰ মাজত হাহিঁ - স্ফূৰ্তিৰে এটি মূহুৰ্ত কটাইছে লোকসকলে।
বৰপেটা আৰক্ষী চাউনীৰ কাষতে থকা নখান্দা নৈৰ পাৰত অৱস্থিত এই বনভোজস্থলী। প্ৰাকৃতিক বিনন্দীয়া পৰিবেশেৰে সুসজ্জিত এই ক্ষুদ্ৰ বনাঞ্চল ক'লা শিয়ালৰ বাবে বিখ্যাত । দিন দুপৰততেই ক'লা শিয়াল দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ চৰাই-চিৰিকতি থকা এই ঠাইডোখৰ অতি চাফ- চিকুণো । এই ক্ষুদ্ৰ বনাঞ্চলৰ কাষেৰে বৈ গৈছে মৰা নদী। মুঠতে এই ঠাইখিনি বনভোজৰ বাবে এক আকৰ্ষণীয় স্থলী হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ