
কামৰূপ, ১১ জানুৱাৰী (হি.স.): ভোগৰ উৎসৱ ভোগালী বিহু সমাগত । মাজত মাথো কেইটামান দিন বাকী । ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী । সকলোতে চলিচে পূৰ্ণ প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই কঠীয়াতলীৰ স্বাৱলম্বী কেইগৰাকী মান মহিলা ।
উল্লেখ্য যে কঠীয়াতলিত অৱস্থিত মামা বজাৰত মহিলা উদ্যোমিতা আঁচনিৰ ধন লাভ কৰা আত্মসহায়ক মহিলা সকলে বিপনী খুলি আত্মসংস্থাপনাৰ পথ বাচি লৈছে । আগন্তুক ভোগালী বিহু উপলক্ষ্যে এই বিপনী সমূহত থলুৱা সামগ্ৰী, সাজ পাৰ তথা ৰাইজৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে দৈ, ঘি, মাখন, চিৰা, সান্দহকে ধৰি বিভিন্ন প্ৰকাৰৰ জলপান । অতি উন্নত মানদণ্ডৰ সকলো সামগ্ৰী এই মামা বজাৰত উপলব্দ । মহিলা সৱলীকৰণৰ উদ্দেশ্যে মহিলা উদ্যামিতা আচনি প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ