
নতুন দিল্লী, ০৫ ছেপ্টেম্বৰ (হি.স.)। বিদেশী বিনিয়োগকাৰীৰ অবিৰত বিক্ৰী আৰু ভাৰতৰ আই টি খণ্ডত অতিৰিক্ত আমেৰিকান শুল্ক আৰোপ কৰাৰ সম্ভাৱনাৰ বাবে শুকুৰবাৰে ভাৰতীয় মুদ্ৰাৰ টকা ডলাৰৰ বিপৰীতে সৰ্বনিম্ন স্তৰত উপনীত হয়। ভাৰতীয় মুদ্ৰাৰ টকা আজি ডলাৰৰ বিপৰীতে ১১ পইচা হ্ৰাস পাই আটাইতকৈ দুৰ্বল বন্ধৰ নতুন অভিলেখ গঢ়ি আজিৰ ব্যৱসায় ৮৮.২৭ (অস্থায়ী)ত সমাপ্ত হয়।
শুকুৰবাৰৰ ব্যৱসায় সৱলতাৰে আৰম্ভ হ’ল টকাৰ । আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ভাৰতীয় মুদ্ৰাৰ মূল্য ১৬ পইচা বৃদ্ধিৰে ৮৮.১০ টকাৰ স্তৰত ব্যৱসায় আৰম্ভ হয়। কিন্তু আজিৰ ব্যৱসায় আৰম্ভ হোৱাৰ পিছত টকাৰ ওপৰত চাপ বাঢ়ি গৈ থাকিল, যাৰ বাবে টকাৰ পতন বাঢ়ি গৈ থাকিল। ভাৰতীয় বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে ধন উলিওৱা আৰু আমেৰিকাই ভাৰতৰ আই টি খণ্ডত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ উৰাবাতৰিৰ বাবে মুদ্ৰা বজাৰত টকাৰ ওপৰত যথেষ্ট হেঁচা পৰিল। এই উৰাবাতৰিৰ বাবেই ডলাৰৰ বিপৰীতে ৮৮.৩৮ টকাৰ সৰ্বনিম্ন স্তৰলৈ নামি আহিল। কিন্তু পৰৱৰ্তী সময়ত অতিৰিক্ত শুল্কৰ খবৰ অস্বীকাৰ কৰাৰ পিছত টকাৰ অৱস্থা কিছু উন্নত হ’ল। গোটেই দিনটোৰ অস্থিৰতাৰ অন্তত ভাৰতীয় মুদ্ৰা আজিৰ নিম্ন স্তৰৰ পৰা ১১ পইচা আৰোগ্য লাভ কৰি আজিৰ ব্যৱসায়ৰ অন্ত পৰিল প্ৰতি ডলাৰত ৮৮.২৭ টকা।
আজিৰ মুদ্ৰা বজাৰৰ ব্যৱসায়ত ডলাৰৰ বাহিৰেও অন্যান্য প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে টকাৰ প্ৰদৰ্শন দুৰ্বল আছিল। আজিৰ ব্যৱসায়ৰ অন্তত ব্ৰিটিছ পাউণ্ড (জিবিপি)ৰ বিপৰীতে ৫০ পইচা হ্ৰাস পাই ১১৮.৯৮ (অস্থায়ী) স্তৰত উপনীত হয়। একেদৰে আজি ইউৰোৰ বিপৰীতে টকা ৫১ পইচা হ্ৰাস পাই ১০৩.১৬ (অস্থায়ী) স্তৰত উপনীত হয়।
খুৰানা ছিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ ৰবি চন্দৰ খুৰানাৰ মতে, ভাৰতৰ আই টি খণ্ডত ট্ৰাম্প প্ৰশাসনে অতিৰিক্ত শুল্ক আৰোপ কৰাৰ উৰাবাতৰিয়ে আজি শ্বেয়াৰ বজাৰৰ লগতে মুদ্ৰা বজাৰতো বহু পৰিমাণে প্ৰভাৱ পেলাইছে। এই উৰাবাতৰিৰ বাবেই প্ৰবলভাৱে ব্যৱসায় আৰম্ভ কৰা শ্বেয়াৰ বজাৰখনে সকলো লাভ হেৰুৱাই ৰেড জ’নত ডুব যোৱাৰ বিপৰীতে মুদ্ৰা বজাৰত টকা আৰু ডলাৰৰ বিনিময় হাৰতো প্ৰভাৱ পেলায়। কিন্তু পিছত এই উৰাবাতৰি অস্বীকাৰ কৰাৰ পিছতহে শ্বেয়াৰ বজাৰ আৰু মুদ্ৰা বজাৰৰ পৰিস্থিতি কিছু উন্নত হ’ব পাৰে।
ৰবি চন্দৰ খুৰাণাই কয় যে বিগত কেইবামাহ ধৰি বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফ আই আই)ৰ ধাৰাবাহিক বিক্ৰীৰ ফলত টকাৰ ওপৰত হেঁচা পৰিছে। ইয়াৰ বাবেই টকাৰ বিমুদ্ৰাকৰণৰ ধাৰা বাঢ়িছে। এনে পৰিস্থিতিত যদি ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰা বজাৰত টকাক সমৰ্থন কৰিবলৈ সোনকালে হস্তক্ষেপ নকৰে, তেন্তে অনাগত দিনত টকাৰ স্থিতি আৰু অধিক দুৰ্বল হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া