
বেইজিং, ০৩ ছেপ্টেম্বৰ (হি.স.)। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ আগ্ৰাসনৰ বিৰুদ্ধে বিজয়ৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে বুধবাৰে টিয়ানমেন চৌহদত চীনৰ বিজয় দিৱসৰ পেৰেড অনুষ্ঠিত হয়। এই উপলক্ষ্যত চীনে বৃহৎ সামৰিক পেৰেড প্ৰদৰ্শন কৰি যুদ্ধ বিমান, মিছাইল আৰু নতুন ইলেক্ট্ৰনিক যুদ্ধকে ধৰি আধুনিক অস্ত্ৰ-শস্ত্ৰ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিছিল। এই উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, উত্তৰ কোৰিয়াৰ নেতা কিম জং উন, বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো, মালয়েছিয়া, ম্যানমাৰ, মংগোলিয়া, ইণ্ডোনেছিয়া, পাকিস্তান, নেপাল, মালদ্বীপকে ধৰি ২৬খন দেশৰ শীৰ্ষ নেতা উপস্থিত থাকে।
গ্ল’বেল টাইমছৰ তথ্য অনুসৰি এই উপলক্ষে ৰাষ্ট্ৰপতি ছি জিনপিঙে কয় যে কোনো শক্তিয়ে চীনক আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰে। তেওঁ কয় যে তেওঁৰ দেশ কোনো আধিপত্যবাদীক ভয় নকৰে আৰু সদায় আগবাঢ়ি গৈ থাকে। তেওঁ কয় যে এয়া এক নতুন যাত্ৰা, এক নতুন যুগ।
এই উপলক্ষে চীনে আজিলৈকে সৰ্ববৃহৎ সামৰিক পেৰেড চলোৱাৰ সময়ত আধুনিক অস্ত্ৰ প্ৰদৰ্শন কৰে। য’ত আছে জে ২০ আৰু জে ৩৫, ডি এফ ৩১ এ জি আৰু ডি এফ ৪১ বেলিষ্টিক মিছাইল, ডি এফ-জেড এফ হাইপাৰছ’নিক মিছাইল, এয়াৰ ডিফেন্স চিষ্টেম, টেংক আৰু সাজসজ্জিত বাহন। এই পেৰেডত ১০ হাজাৰৰো অধিক জোৱান জড়িত হৈ আছে।
উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ পাৰমাণৱিক আক্ৰমণৰ পিছত ১৯৪৫ চনৰ ১৫ আগষ্টত জাপানে আত্মসমৰ্পণ কৰিছিল, তাৰ পিছত ১৯৪৫ চনৰ ২ ছেপ্টেম্বৰত চীনৰ বিৰুদ্ধেও পৰাজয় মানি লৈছিল। এই উপলক্ষ্যত চীনে বিজয় দিৱসৰ পেৰেড উদযাপন কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ