নেপালৰ প্ৰতিনিধি সদনৰ নিৰ্বাচনত ১৩২ গৰাকী নতুন সাংসদ নিৰ্বাচিত
কাঠমাণ্ডু, ০৯ মাৰ্চ (হি.স.)। নেপালৰ প্ৰতিনিধি সদনৰ নিৰ্বাচনত ১৩২ গৰাকী নতুন সাংসদ নিৰ্বাচিত হৈছে। এইসকলে প্ৰথমবাৰৰ বাবে সংসদীয় প্ৰক্ৰিয়াত প্ৰৱেশ কৰিছে। নতুন সাংসদৰ সৰ্বাধিক অংশ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ, প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিছে ১১০
नेपाल का संसद भवन


কাঠমাণ্ডু, ০৯ মাৰ্চ (হি.স.)। নেপালৰ প্ৰতিনিধি সদনৰ নিৰ্বাচনত ১৩২ গৰাকী নতুন সাংসদ নিৰ্বাচিত হৈছে। এইসকলে প্ৰথমবাৰৰ বাবে সংসদীয় প্ৰক্ৰিয়াত প্ৰৱেশ কৰিছে।

নতুন সাংসদৰ সৰ্বাধিক অংশ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ, প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিছে ১১০ জন সাংসদ। ইয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বলেন্দ্ৰ শ্বাহ। তেওঁ চাৰিবাৰ ক্ষমতা দখল কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলিক পৰাস্ত কৰি এতিয়া দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তুতি চলাইছে।

পুৰণি আৰু প্ৰতিষ্ঠিত দলৰ ভিতৰতো পৰিবৰ্তনৰ ঢৌ দেখা যায়। নেপালী কংগ্ৰেছৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে এঘাৰগৰাকী নতুন নেতা। তদুপৰি চিপিএন-ইউএমএলৰ পৰা চাৰিজন নতুন সাংসদ, নেপালী কমিউনিষ্ট পাৰ্টিৰ তিনিজন, লেবাৰ কালচাৰ পাৰ্টিৰ তিনিজন সাংসদ সংসদত প্ৰৱেশ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande