
ইছলামাবাদ, ০৩ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ কুৱেটা চহৰত মঙলবাৰে নিশা সংঘটিত হোৱা বৃহৎ বোমা বিস্ফোৰণত ১৪ জন লোক নিহত হোৱাৰ লগতে ৩৫ জনতকৈ অধিক লোক আহত হয়। বোমা বিস্ফোৰণত আহত বহু লোকৰ অৱস্থা সংকটজনক হোৱাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সৰিয়াব অঞ্চলৰ শ্বাহৱানী ষ্টেডিয়ামৰ সমীপত বেলুচিস্তান নেচনেল পাৰ্টিয়ে আয়োজন কৰা এক সমাৱেশৰ অন্ত পৰাৰ কিছু সময়ৰ পিছতে সংঘটিত হয় এই ফিডাইন বিস্ফোৰণ। কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
পাকিস্তানৰ ডন কাকতত প্ৰকাশিত বাতৰি অনুসৰি, মঙলবাৰে নিশা চৰ্দাৰ আতাউল্লাহ মেংগলৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা সমাৱেশৰ সামৰণিৰ প্ৰায় ১৫ মিনিটৰ পিছতে এই বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত ৰেলীত অংশগ্ৰহণ কৰা বৃহৎ সংখ্যক লোক সেই স্থানতে উপস্থিত হৈ ঘৰলৈ যাবলৈ সাজু হৈছিল। জানিব পৰা মতে, পাৰ্কিং এলেকাত জেকেটত বান্ধি থোৱা বোমা বিস্ফোৰণ কৰি ফিডায়েন আক্ৰমণকাৰীয়ে আক্ৰমণ সংঘটিত কৰে।
ঘটনাৰ পিছতে প্ৰাদেশিক স্বাস্থ্যমন্ত্ৰী বখত মহম্মদ কাকৰে এই আক্ৰমণত নিহত আৰু আহত লোকৰ সংখ্যা নিশ্চিত কৰে। অৱশ্যে এই আক্ৰমণত নিৰাপদ হৈ থাকে সমাৱেশৰ নেতৃত্ব দিয়া বিএনপিৰ নেতাসকল। এই সমাৱেশত নেতৃত্ব দিয়া বিএনপিৰ মুৰব্বী আখতাৰ মেংগল, পখতুনখোৱা মিলি আৱামী পাৰ্টিৰ মুৰব্বী মাহমুদ খান আচাকজাই, আৱামি নেচনেল পাৰ্টিৰ আছঘৰ খান আচাকজাইও এই সমাৱেশত উপস্থিত থাকে। এই আটাইকেইজন নেতা এই আক্ৰমণৰপৰা সম্পূৰ্ণ নিৰাপদে ৰক্ষা পৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia