
বাক্সা, ০৩ ছেপ্তেম্বৰ (হি.স.)। গোৰেশ্বৰৰ বালাহাটীত। সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদ বিটিআৰ জোনেল সমিতি , তামুলপুৰ জিলা সমিতি, গোৰেশ্বৰ আঞ্চলিক সমিতি আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যৌথ প্ৰতিবাদ।BTR নিৰ্বাচনৰ প্ৰাক ক্ষণত পুনৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হিন্দু বাঙালী লোক সকল। হিন্দু বঙালী সকলৰ ডি ভোটাৰৰ সমস্যাক লৈ শীঘ্ৰে সমাধানৰ দাবীত প্ৰতিবাদ।সমস্যা সমাধান নহ'লে বিটিআৰৰ আৰু বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ।
হিমন্ত বিশ্ব শৰ্মাই বাঙালীক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰাৰ বিৰোধীতাৰ প্ৰতিবাদ।বাঙালী সকল বিটিচিৰ প্ৰথম শ্ৰেণীৰ নাগৰিক যদি বিটিচিৰ বাহিৰৰ বঙালী সকল কোন শ্ৰেণীৰ নাগৰিক?অসমত বিজেপি চৰকাৰ অহাৰ পৰা ডি ভোটাৰৰ কোনো সমস্যা নাই বা ডি ভোটাৰক লৈ কোনো সমস্যা হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত ত দাসে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ হিন্দু বঙালী সকলৰ ডিভোটাৰৰ সমস্যা সমাধান নকৰাৰ অভিযোগ । বৰঞ্চ ডি ভোটাৰৰ নামত নোটিচ অহাৰ পৰা কোৰ্টৰ কেছ খেলি বহু লোক সৰ্বস্বান্ত হৈ আত্মহত্যাৰ পথ বাচি লবলগীয়া হোৱাৰ অভিযোগ উত্থাপন ।সেয়ে হিন্দু বঙালী সকলৰ ডি ভোটাৰৰ সমস্যাটো অতি শীঘ্ৰে সমাধানৰ দাবী জনায়। অন্যথা বিটিআৰ আৰু বিধানসভা নিৰ্বাচনত সদৌ অসম বঙালী ছাত্ৰ ফেডাৰেচন আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে।হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ