ওদালগুৰি, ০২ ছেপ্টেম্বৰ (হি.স.)। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী পীষুজ হাজৰিকাৰ উপস্থিতিত আজি ওদালগুৰি জিলাৰ সাত পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।
একেদৰে বডোলেণ্ড অল্টাৰনেটিভ পাৰ্টিৰ সভানেত্ৰী অঞ্জলী দৈমাৰী লগতে কংগ্ৰেছৰ পৰ্যবেশক যথা লাহৰীঘাটৰ বিধায়ক আৰ্শিফ নজৰৰ উপস্থিতিত জিলা খনৰ দহটা পৰিষদীয় সমষ্টিতে দলৰ প্ৰাৰ্থীসকলে দাখিল কৰিব মনোনয়ন পত্ৰ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা