নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং ২-৪ ছেপ্টেম্বৰলৈ ভাৰত ভ্ৰমণৰ বাবে মঙলবাৰে আহি পাবহি। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে লৰেন্স ৱঙৰ এয়া হ’ব প্ৰথম ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে থাকিব তেওঁৰ পত্নী আৰু কেবিনেট মন্ত্ৰী, উচ্চপদস্থ বিষয়াকে ধৰি এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত-ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী ৱঙৰ আগন্তুক ভ্ৰমণ। এই ভ্ৰমণে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে শক্তিশালী আৰু বহুমুখী সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰাৰ সুযোগ প্ৰদান কৰিব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব।
এই ভ্ৰমণৰ সময়ত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু প্ৰধানমন্ত্ৰী ৱঙে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী ৱঙে। এই ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলেও প্ৰধানমন্ত্ৰী ৱঙক সাক্ষাৎ কৰিব।
উল্লেখযোগ্য যে ছিংগাপুৰ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ, য’ত ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিও সন্নিবিষ্ট কৰা হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোডীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সম্পৰ্কক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল।
हिन्दुस्थान समाचार / Manoj Kumar Saikia