মনিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত বুজন পৰিমাণৰ মাৰাণাস্ত্ৰ জব্দ,সৰবৰাহকাৰী গ্ৰেপ্তা
ইম্ফল, ০২ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি শাসন চলি থকাৰ মাজতে অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। বিগত ৪৮ ঘন্টাৰ ভিতৰত পশ্চিম ইম্ফল আৰু থৌবাল জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ অবৈধ
মনিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত বুজন পৰিমাণৰ মাৰাণাস্ত্ৰ জব্দ,সৰবৰাহকাৰী গ্ৰেপ্তা


ইম্ফল, ০২ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি শাসন চলি থকাৰ মাজতে অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। বিগত ৪৮ ঘন্টাৰ ভিতৰত পশ্চিম ইম্ফল আৰু থৌবাল জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ, বিস্ফোৰক আৰু বিভিন্ন মাৰণাস্ত্ৰৰ সক্ৰিয় গুলি জব্দ কৰিছে। লগতে কেইবাজনো অস্ত্ৰ সৰবৰাহকাৰী আৰু উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

পশ্চিম ইম্ফল জিলাৰ কেইছাল গাঁৱত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ১টা একে ৰাইফল, ২ টা একে ঘাটক ৰাইফল, ১ টা ইনছাছ ৰাইফল,২ টা ৭.৬২ এম এম এছ এল আৰ, ২ টা নাইন এম এম কাৰ্বাইন, ৪টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল,১ টা নাইন এম এম পিষ্টল, ২ টা ছেভেন পইন্ট ফাইভ ছিক্স এম এম ইনছাছ ৰাইফল, ১ টা ছেভেন পইন্ট ছিক্স টু ৭.৬২ এম এম এছ এল আৰ, ১ টা একে ৰাইফল সহ বুজণ পৰিমাণৰ গোলাবাৰুদ জব্দ কৰে।

একেদৰে পাটছৈ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ১টা ৭.৬২ এছ এল আৰ, ১টা ইনছাছ ৰাইফল,৪ টা স্থানীয় ভাবে নিৰ্মিত ছিংগল‌ বেৰেল গান, ১টা .৩০৩ ৰাইফল, ৪টা পিষ্টল সহ অসংখ্য কাৰ্টিজ, মেগজিন, সক্ৰিয় গুলি আৰু অন্যান্য বুজণ পৰিমাণৰ আপত্তি জনক সামগ্ৰী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।

ইফালে, থৌবাল জিলাত চলোৱা অভিযানত ৭ টা ৰাইফল,২টা এম৪এ ১ কাৰ্বাইন গান,২ টা গ্লোক.৪৫ অটোমেটিক পিষ্টল,সহ বুজণ পৰিমাণৰ গোলাবাৰুদ জব্দ কৰা হয়। অস্ত্ৰ সৰবৰাহকাৰৰ অভিযোগত ৰাজকুমাৰ সিদ্ধাৰ্থ, লাইশ্ৰম ৰামেশ্বৰ মেইটেই, আথোকপাম

ব্ৰজেন্দ্ৰ সিংহ আৰু লাইশ্ৰম শশীকান্ত সিংহক গ্ৰেপ্তাৰ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande