বৰপেটা, ০২ ছেপ্টেম্বৰ (হি.স.): বৰপেটা জিলাৰ আলোপতি মাজৰচৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়টো সম্প্ৰতি ভূত বাংলোত পৰিণত হৈছে। বিশ বছৰ ধৰি এজন চকিদাৰে চলাইছে কাৰ্যালয়টো। কাৰ্যালয়টোত নিয়োজিত হৈ থকা প্ৰায় ২০-২৫ গৰাকী বিষয়া কৰ্মচাৰীয়ে বৰপেটাত থাকি আদায় কৰিছে মাহৰ দৰমহা । কৃষকৰ পৰিৱৰ্ত্তে দালাল মধ্যভোগীয়ে বৰপেটাৰ পৰাই আদায় কৰিছে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা ।
বিষয়া কৰ্মচাৰী নথকা কাৰ্যালয়টো এনেদৰে দীৰ্ঘদিন পৰিত্যক্ত অৱস্থাত থাকি সম্প্ৰতি হাবি জংঘলে আৱৰি ধৰিছে। জহি খহি গৈছে কাৰ্যালয়টোৰ কোটি টকাৰ গৃহ সমূহ । একপ্ৰকাৰ ভূত বাংলোত পৰিণত হৈছে আলোপতি মাজৰচৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়টো। অঞ্চলটোৰ প্ৰায় ৯৫ শতাংশ লোক প্ৰত্যক্ষভাৱে কৃষি কৰ্মৰ সৈতে জড়িত থকাৰ পাছতো কৃষি বিভাগৰ বিয়াগোম কাৰ্যালয়টো এনেদৰে পৰিত্যক্ত অৱস্থাত থকাত ক্ষোভ ব্যক্ত কৰিছে একাংশ সচেতন লোকে । কেনেকৈ কৃষকৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাব তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। শীঘ্ৰে কাৰ্যালয়খন পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাক দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ