গৌৰীপুৰত গো হত্যা কৰি থকা অৱস্থাত এজনক আটক
গৌৰীপুৰত গো হত্যা কৰি থকা অৱস্থাত আটক এজনক।
গৌৰীপুৰত গো হত্যা কৰি থকা অৱস্থাত এজনক আটক


ধুবুৰী, ০২ ছেপ্তেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত গো হত্যা কৰি থকা অৱস্থাত এজন লোকক আটক কৰা হৈছে । ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই নিষিদ্ধ ঘোষণা কৰা হৈছিল গো-মাংস। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই একাংশ দুষ্ট চক্ৰই গোপনে গো-মাংস বিক্ৰী কৰি আছিল।

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত গেৰামাৰি অঞ্চলত এক গোপন অভিযানৰ ভিত্তিত অভিযান চলাই গো- হত্যা কৰি থকা অৱস্থাত গো হত্যা কাৰী ইলিয়াছ আলীক আটক কৰিবলৈ সক্ষম হয়। ইলিয়াছ আলী নামৰ যুৱক জনক আটক কৰাৰ লগতে প্ৰায় ১২০ কেজি নিষিদ্ধ গো -মাংস জব্দ কৰে আৰক্ষীয়ে। বৰ্তমানে হত্যাকাৰী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গৌৰীপুৰ থানাত আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande