পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে অৰ্থনীতি মুকলি আৰু স্বচ্ছ কৰি তুলিবঃ বিত্তমন্ত্ৰী
চেন্নাই, ০২ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কয় যে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে অৰ্থনীতি ‘সম্পূৰ্ণৰূপে’ মুকলি আৰু স্বচ্ছ কৰি তুলিব। ইয়াৰ ফলত কম্প্লাইয়েন্সৰ বোজা আৰু অধিক হ্ৰাস পাব আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল
कार्यक्रम को संबोधित करते हुए वित्‍त मंत्री निर्मला सीतारमण


कार्यक्रम को संबोधित करते हुए वित्‍त मंत्री निर्मला सीतारमण


চেন্নাই, ০২ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কয় যে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে অৰ্থনীতি ‘সম্পূৰ্ণৰূপে’ মুকলি আৰু স্বচ্ছ কৰি তুলিব। ইয়াৰ ফলত কম্প্লাইয়েন্সৰ বোজা আৰু অধিক হ্ৰাস পাব আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে লাভৱান হ’ব।

আজি তামিলনাডুস্থিত চিটি ইউনিয়ন বেংকৰ ১২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সীতাৰমনে কয় যে বিগত ১১ বছৰত ৫৬ কোটিৰো অধিক জন-ধন একাউণ্ট খোলা হৈছে, মুঠ জমা ২.৬৮ লাখ কোটি টকা। ইয়াৰে ৬৭ শতাংশ একাউণ্ট গ্ৰাম্য বা অৰ্ধনগৰ অঞ্চলত খোলা হৈছে, ৫৬ শতাংশ একাউণ্ট মহিলাৰ হাতত আছে বুলিও কয়। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বেংক একাউণ্ট কেৱল পাছবুক নহয়, ই সুযোগৰ পাছপ’ৰ্ট, যাৰ ফলত ঋণ, সঞ্চয়, বীমা আৰু সন্মানৰ সুবিধা লাভ কৰিব পৰা যায়। সীতাৰমণে কয় যে ভাৰতৰ অনুসূচিত বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ সম্পত্তিৰ মানদণ্ডত বৃহৎ উন্নতি ৰেকৰ্ড কৰিছে, যাৰ ফলত এনপিএ হ্ৰাস পাইছে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠনৰ কথা ঘোষণা কৰিছে, যাৰ স্পষ্ট উদ্দেশ্য হৈছে নিয়ম সৰল কৰা, কম্প্লাইয়েন্স খৰচ হ্ৰাস কৰা আৰু ষ্টাৰ্টআপ, সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এম এছ এম ই) আৰু উদ্যোগীসকলৰ বাবে অধিক সক্ষম পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা। কাইলৈ ​​আৰু তাৰ পিছদিনা জি এছ টি পৰিষদৰ বৈঠকৰ সৈতে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ পৰিকল্পিত আৰম্ভণিয়ে অনাগত মাহত সম্পূৰ্ণ মুকলি আৰু স্বচ্ছ অৰ্থনীতি স্থাপন কৰিব আৰু অনুসৰণৰ বোজা আৰু অধিক হ্ৰাস কৰিব, যাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উন্নতি সহজ হ’ব বুলিও তেওঁ উল্লেখ কৰে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande