হোজাই, ০২ ছেপ্টেম্বৰ (হি.স.)। হোজাই জিলাৰ লংকাত গছ কটাক কেন্দ্ৰ কৰি বনবিভাগ আৰু লংকা পৌৰসভাৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে। বহু পূৰণি গছ কাটি পেলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতেই বনবিভাগ আৰু লংকা পৌৰসভাই ইজনে সিজনৰ ওপৰত দায় থেলিব ধৰিছে।
উল্লেখযোগ্য যে যোৱা ডেউবাৰে লংকা চহৰত থকা এজোপা বৃহৎ আঁহত গছ আৰু কেইবাজনোপাও নিম গছ লংকা পৌৰসভাৰ পৌৰপতি পৰিমীতা ৰায় সাহাৰ উপস্থিতিত কাটি পেলোৱা হৈছিল। ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ কাটি পেলোৱা হৈছিল গছ সমূহ । ইয়াৰ পাছতেই ক্ষোভ আৰু আবেগত লংকা পৌৰসভাৰ বিৰুদ্ধে ওলাই আহে প্ৰকৃতিপ্ৰেমী সকল। ৰাইজৰ ৰোষৰ পৰা দায় সাৰিবলৈ পৌৰপতি পৰিমীতা ৰায় সাহায়ে এখন সংবাদ মেল আয়োজন কৰি গছ কটাৰ সম্পৰ্কে সম্পূৰ্ণ দোষ বনবিভাগলৈ থেলি দিয়ে।
ইফালে পৌৰপতিৰ এই অভিযোগৰ প্ৰত্য়ুত্তৰত লংকা আঞ্চলিক বনবিভাগে পৌৰপতিৰ এই সকলো অভিযোগ মিছা বুলি জানিব দিয়ে। বনবিষয়া গৰাকীয়ে জানিব দিয়া মতে গছ কটাৰ সম্পৰ্কে কোনো আবেদন বনবিভাগক দিয়া নাছিল। লংকা পৌৰসভায়ে লংকা বিদ্যুৎ বিভাগক গছ কটা বা গছৰ দাল সমূহ কটাৰ সম্পৰ্কে এখন আবেদন দিছিল আৰু তাৰেই এটা কপি বনবিভাগক দিছিল। দেওবাৰে পৌৰপতি গৰাকী নিজেই উপস্থিত থাকি গছ সমূহ কাটিছিল বুলি বনবিষয়া গৰাকীয়ে জানিব দিয়ে।
ইফালে ৭০ বছৰীয়া গছ কটাক কেন্দ্ৰ কৰি লংকা প্ৰকৃতিপ্ৰেমী সকলে লংকা বনবিভাগ, বন মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক বিহীত ব্যৱস্থা ল'বলৈ দাবী জনাই বন ধ্বংস লগত জড়িত পৌৰপতি গৰাকীক দায়িত্ব পৰা অব্যাহতি দি আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা