মহাৰাষ্ট্ৰৰ নাগপুৰ বিমানবন্দৰৰ পৰা কলকাতালৈ যোৱা ইণ্ডিগ’ বিমানৰ জৰুৰী অৱতৰণ
–বিমানখনত থকা ২৭২ জন যাত্ৰী আটাইকেইজনেই নিৰাপদ নাগপুৰ, ০২ ছেপ্টেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ নাগপুৰ বিমানবন্দৰৰ পৰা কলকাতালৈ যোৱা এখন ইণ্ডিগো বিমান মঙলবাৰে পুৱা নাগপুৰ বিমানবন্দৰত জৰুৰী পৰিস্থিতিত পুনৰ অৱতৰণ কৰিবলগীয়া হয়। এই কথা নিশ্চিত কৰিছে বিমানব
पक्षी टकराने से नागपुर मे  इंडिगो की फ्लाइट की इमरजेंसी लैंडिंग


–বিমানখনত থকা ২৭২ জন যাত্ৰী আটাইকেইজনেই নিৰাপদ

নাগপুৰ, ০২ ছেপ্টেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ নাগপুৰ বিমানবন্দৰৰ পৰা কলকাতালৈ যোৱা এখন ইণ্ডিগো বিমান মঙলবাৰে পুৱা নাগপুৰ বিমানবন্দৰত জৰুৰী পৰিস্থিতিত পুনৰ অৱতৰণ কৰিবলগীয়া হয়। এই কথা নিশ্চিত কৰিছে বিমানবন্দৰৰ জ্যেষ্ঠ সঞ্চালকগৰাকীয়ে।

নাগপুৰ বিমানবন্দৰৰ পৰা কলকাতা অভিমুখে ৬ ই-৮১২ নম্বৰৰ বিমান উৰণৰ লগে লগে বিমানখনৰ সন্মুখৰ অংশত এটা চৰাইৰ খুন্দা মৰাৰ ফলত ইঞ্জিনত বিজুতি ঘটে আৰু বিমানখন লৰচৰ কৰিবলৈ ধৰে। এই বিমানখনত মুঠ ২৭২ জন যাত্ৰী আছিল। পৰিস্থিতিৰ গুৰুত্ব দেখি পাইলটে লগে লগে বিচক্ষণতা দেখুৱাই বিমানবন্দৰত পুনৰ জৰুৰীকালীন অৱতৰণ কৰি এটা ডাঙৰ দুৰ্ঘটনা ৰোধ কৰিলে। আটাইকেইজন যাত্ৰী সম্পূৰ্ণ নিৰাপদ আৰু বিমানখনৰ পৰা নিৰাপদে উলিয়াই আনিছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, উৰণৰ কিছু মুহূৰ্তৰ পিছত হঠাতে এটা ডাঙৰ শব্দ হয় আৰু কিছু সময়ৰ বাবে বিমানখন ভাৰসাম্যহীন হৈ পৰে। ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত আলোড়নৰ সৃষ্টি হয় যদিও ক্ৰু সদস্যসকলে সকলোকে শান্ত হৈ থাকিবলৈ আৰু ছিটবেল্ট বান্ধি ৰাখিবলৈ পৰামৰ্শ দিয়ে। বিমানবন্দৰৰ জ্যেষ্ঠ সঞ্চালক আবিদ ৰুহীয়ে এই কথা নিশ্চিত কৰি কয় যে, আমি সঠিকভাৱে কি হৈছিল সেইটো জানিবলৈ চেষ্টা কৰিছো। বিমানবন্দৰৰ বিষয়াসকলে বিষয়টোৰ তদন্ত কৰি আছে আৰু পৰিদৰ্শন সম্পূৰ্ণ হোৱাৰ পিছত আনুষ্ঠানিক বিবৃতি জাৰি কৰা হ'ব। সম্প্ৰতি কাৰিকৰী তদন্তৰ বাবে বিমানখন গ্ৰাউণ্ড কৰা হৈছে। ডিজিচিএ আৰু ইণ্ডিগ’ৰ দলে বিষয়টো বিতংভাৱে তদন্ত কৰি আছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande