গোৱালপাৰা, ০২ ছেপ্টেম্বৰ (হি.স.)। গোৱালপাৰাৰ মাটিয়াৰ ট্ৰেঞ্জিট (ডিটেনচন) কেম্পৰ কাষত নিশা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় । আৰক্ষীৰ গুলীত আহত হয় এটা ডকাইত । গুলীবিদ্ধ ডকাইতটোৰ নাম ৰাজিবুল আলী বুলি জানিব পৰা গৈছে । শুকুৰবাৰে নিশা টিপলাইত সংঘটিত ডকাইতি কাৰ্যত জড়িত আছিল দুধৰ্ষ ডকাইত ৰাজিবুল ।
উল্লেখ্য় যে সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাহুল কোচ, অপূৰ্ব ৰাভা আৰু অভিনাশ ৰাভা নামৰ আন তিনিটা ডকাইত । তেওঁলোকৰ স্বীকাৰ উক্তিৰ ভিত্তিত যোৱা নিশা মাটিয়া পৰা দুধৰ্ষ ডকাইত ৰাজিবুলক গ্ৰেপ্তাৰ কৰে । পিছত ৰজিবুলে জঙ্ঘলত লুকুৱাই ৰখা আ অলংকাৰ টকা পইচা উদ্ধাৰ কৰিবলৈ যোৱা সময়তে আৰক্ষীক চোকা অস্ৰৰে আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলিবৰ্ষণ কৰে । ফলত ডকাইতটোৰ দুয়োখন ভৰিত গুলি লাগি আহত হয় । বৰ্তমান আহত ডকাইতটোক গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ডকাইটোৰ আক্ৰমণত এজন আৰক্ষীও আহত হৈছে ।
উল্লেখযোগ্য যে দুধৰ্ষ ডকাইত ৰাজিবুল পূৰ্বেও কেবাটাও ডকাইতি কাৰ্যত জড়িত আছিল । আৰু তেঁওৰ বিৰুদ্ধে বিভিন্ন থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা