আনুষ্ঠানিক ঋণ প্ৰৱেশত নতুন মাত্ৰা মুকলি কৰিবলৈ ‘একাউণ্ট এগ্ৰিগেটৰ’ পৰিৱেশ তন্ত্ৰ: বিত্ত মন্ত্ৰালয়
নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। বিত্ত মন্ত্ৰালয়ৰ ‘একাউণ্ট এগ্ৰিগেটৰ’ পৰিৱেশ ব্যৱস্থাই আনুষ্ঠানিক ঋণৰ প্ৰৱেশৰ ক্ষেত্ৰত নতুন মাত্ৰা মুকলি কৰিবলৈ সাজু হৈছে, বিশেষকৈ সুুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) আৰু ব্যক্তিগত ঋণৰ বাবে। ইয়াৰ দ্বাৰ
वित्‍त मंत्रालय के जारी लोगो का चित्र


নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। বিত্ত মন্ত্ৰালয়ৰ ‘একাউণ্ট এগ্ৰিগেটৰ’ পৰিৱেশ ব্যৱস্থাই আনুষ্ঠানিক ঋণৰ প্ৰৱেশৰ ক্ষেত্ৰত নতুন মাত্ৰা মুকলি কৰিবলৈ সাজু হৈছে, বিশেষকৈ সুুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) আৰু ব্যক্তিগত ঋণৰ বাবে। ইয়াৰ দ্বাৰা ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ দিশত ভাৰতৰ যাত্ৰাত অৰ্থপূৰ্ণ অৰিহণা যোগাব।

বিত্ত মন্ত্ৰালয়ে মঙলবাৰে এক বিবৃতিত কয় যে বিত্তীয় তথ্য ভাগ-বতৰা কৰাৰ বাবে এক নিৰাপদ, সন্মতি ভিত্তিক ব্যৱস্থা স্থাপন কৰি ২০২১ চনৰ ২ ছেপ্টেম্বৰত একাউণ্ট এগ্ৰিগেটৰ (এ এ) কাঠামো আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০১৬ চনত ‘এ এ’ পৰিৱেশ তন্ত্ৰৰ বাবে মাষ্টাৰ গাইডলাইন জাৰি কৰিছিল।চতুৰ্থ বৰ্ষপূৰ্তিত মন্ত্ৰালয়ে কয় যে এ এ ইক’চিষ্টেম দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াক বেংকিং, ছিকিউৰিটিজ, বীমা আৰু পেঞ্চন খণ্ডত দ্ৰুতগতিত গ্ৰহণ কৰা হৈছে, যাৰ ফলত ভাৰতৰ ডিপিআই (ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি) শক্তিশালী হৈছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি আজিলৈকে ১১২ টা বিত্তীয় প্ৰতিষ্ঠান বিত্তীয় তথ্য প্ৰদানকাৰী (এফ আই পি) আৰু বিত্তীয় তথ্য ব্যৱহাৰকাৰী (এফ আই ইউ) দুয়োটা হিচাপে সক্ৰিয় কৰা হৈছে, আনহাতে ৫৬ টা কেৱল এফ আই পি হিচাপে আৰু ৪১০ টা এফ আই ইউ হিচাপে সক্ৰিয় কৰা হৈছে। ২.২ বিলিয়নতকৈ অধিক বিত্তীয় একাউণ্ট এতিয়া এ এ কাঠামোৰ জৰিয়তে সুৰক্ষিত, সন্মতি ভিত্তিক তথ্য বিনিময়ৰ বাবে সক্ষম কৰা হৈছে আৰু ১১২.৩৪ মিলিয়ন ব্যৱহাৰকাৰীয়ে ইতিমধ্যে তেওঁলোকৰ একাউণ্টসমূহ সংযোগ কৰিছে, যিয়ে এই পৰিৱৰ্তনশীল পদক্ষেপৰ ওপৰত ক্ৰমবৰ্ধমান পৰিসৰ আৰু আস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande