মোহালী, ১৩ ছেপ্টেম্বৰ (হি.স.)। ৰাউণ্ডগ্লাছ আৰু হকী পঞ্জাবে যৌথভাৱে আয়োজন কৰা পঞ্জাৱ হকী লীগে ভাৰতৰ হকী মহান খেলুৱৈসকলৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে। তেওঁলোকৰ মতে এই লীগে দেশৰ এই ক্ৰীড়াৰ ভৱিষ্যত সলনি কৰি আছে। ভাৰতৰ জুনিয়ৰ হকীৰ বাবে এতিয়ালৈকে সৰ্ববৃহৎ ৩০ লাখ টকাৰ পুৰস্কাৰ ধন আৰু দেশৰ বিভিন্ন প্ৰান্তৰ দলৰ অংশগ্ৰহণেৰে পিএইচএলে তৃণমূল পৰ্যায়ৰ উন্নয়নৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে।
ভাৰতৰ প্ৰাক্তন ফৰৱাৰ্ড তথা অৰ্জুন বঁটা বিজয়ী প্ৰভজোৎ সিঙে আয়োজকসকলে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত প্ৰতিযোগিতাখনৰ পৰিসৰ আৰু দৃষ্টিভংগীৰ প্ৰশংসা কৰি ইয়াক “যুৱ-যুৱতীসকলৰ বাবে আটাইতকৈ ডাঙৰ মঞ্চ” বুলি অভিহিত কৰে। তেওঁ কয়, ৰাউণ্ডগ্লাছ আৰু হকী পঞ্জাবে আৰম্ভ কৰা এই লীগখন এক ডাঙৰ পদক্ষেপ। এনে লীগ হ'লে সকলো জুনিয়ৰে সুযোগ পায়। লগতে ইয়াত ৩০ লাখ টকাৰ বিশাল পুৰস্কাৰ ধন আছে। খেলুৱৈসকলে ডাঙৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাৰ এক সুন্দৰ মঞ্চ।''
২০০১ চনৰ জুনিয়ৰ হকী বিশ্বকাপ বিজয়ী তথা দুবাৰকৈ এছিয়া কাপ বিজয়ী প্ৰভজোতে কয় যে প্ৰতি বছৰে অনুষ্ঠিত হৈ থকা লীগে যুৱক-যুৱতীসকলক স্পষ্টতা আৰু প্ৰেৰণা প্ৰদান কৰে।
তেওঁ কয়, পূৰ্বৰ খেলুৱৈসকলে নাজানিছিল কোনখন প্ৰতিযোগিতা খেলিব। এতিয়া এই লীগৰ সৈতে তেওঁলোকে জানে যে প্ৰতি বছৰে এনেকুৱা হয়। গতিকে তেওঁলোকে ইয়াৰ বাবে প্ৰস্তুতি চলায়। তেওঁলোকে ইয়াত নিজৰ শ্ৰেষ্ঠখিনি দিব বিচাৰে যাতে ই তেওঁলোকক চিনিয়ৰ শিবিৰত নিৰ্বাচিত হোৱাৰ সুযোগ দিব পাৰে।''
আনকি প্ৰভজোতে কয় যে তেওঁৰ সময়ত যদি এনে এখন লীগ থাকিলহেঁতেন তেন্তে খেলুৱৈসকলৰ কেৰিয়াৰ বহু বছৰ বৃদ্ধি পালেহেঁতেন।
হকী কিংবদন্তি বলজিৎ সিঙে কয় যে এই পদক্ষেপৰ প্ৰভাৱ পঞ্জাৱৰ বাহিৰতো দেখা যাব।
তেওঁ কয়, এয়া এক বৃহৎ পদক্ষেপ। ই ভাৰতীয় হকিক এক বুষ্ট দিব। পঞ্জাৱৰ হকী সদায় চহকী হৈ আহিছে আৰু এতিয়া আন ৰাজ্যসমূহেও আমাৰ হকী সংস্কৃতিৰ পৰা লাভৱান হ'ব পাৰে। এনে পদক্ষেপে নিয়মীয়াকৈ সমৰ্থন লাভ কৰিব লাগে যাতে ভাৰতে ভাল খেলুৱৈ লাভ কৰি থাকে।
বলজিতে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ আৰু ইয়াৰ পৰা লাভ কৰা অভিজ্ঞতা গুৰুত্বপূৰ্ণ।
তেওঁ কয়, ‘আমি সাধাৰণতে এই স্তৰৰ বয়সৰ গোটৰ প্ৰতিযোগিতা দেখা নাপাওঁ।ইয়াত জুনিয়ৰ খেলুৱৈসকলে হকী ইণ্ডিয়া লীগত দেখাৰ দৰে একে স্তৰৰ হকী খেলি আছে, যিটো এটা ডাঙৰ কথা।এই খেলুৱৈসকলে যেতিয়া এইচ আই এল আৰু বিশ্বৰ অন্যান্য প্ৰতিযোগিতালৈ যাব তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে তেওঁলোক ইতিমধ্যে চাপৰ পৰিস্থিতিৰ লগত অভ্যস্ত হৈ পৰিছে।
ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাজপাল সিঙে ৰাউণ্ডগ্লাছৰ প্ৰশংসা কৰি কয় যে তেওঁলোকে প্ৰতিটো ছিজনতে এই স্তৰ বৃদ্ধি কৰি আহিছে।
তেওঁ কয়, ‘এইটো এটা অতি ভাল পদক্ষেপ।সকলো ক্ৰেডিট ৰাউণ্ডগ্লাছলৈ যায়।তেওঁলোকে হকীৰ প্ৰচাৰৰ দায়িত্ব লৈছে আৰু যোৱা ছিজনৰ পৰা এইবাৰলৈকে স্তৰ উন্নত কৰাৰ কৃতিত্ব তেওঁলোকৰ হাতত।”
অৰ্জুন বঁটাপ্ৰাপক ৰাজপালে পুৰস্কাৰ ধন আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধিত্ব দুয়োটাৰে গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
হকী ইণ্ডিয়াৰ স্বীকৃতি আৰু নিত্য বৃদ্ধি পোৱা সুনামৰ ফলত পঞ্জাৱ হকী লীগক এতিয়া জুনিয়ৰসকলৰ বাবে বিশ্ব পৰ্যায়ত উপনীত হোৱাৰ এক গুৰুত্বপূৰ্ণ পথ হিচাপে গণ্য কৰা হৈছে।
মঙলবাৰে (৯ ছেপ্টেম্বৰ) পঞ্জাৱ হকী লীগ ২০২৫ৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰে আৰু ডিফেণ্ডিং চেম্পিয়ন ৰাউণ্ডগ্লাছ হকী একাডেমীয়ে ২০ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। সাতখন মেচতে জয়লাভ কৰি ক্লিন ছুইপ কৰে। ১৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ, সোণেপাট (এছ এ আই, এন চি অ’ ই, সোণেপাট)। ১৫ ছেপ্টেম্বৰৰ পৰা জলন্ধৰত লীগৰ দ্বিতীয় পৰ্যায়ৰ খেল আৰম্ভ হ’ব
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী