ইণ্ডিয়ান অইল বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ টাইটেল স্পনছৰ
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় পেৰালিম্পিক কমিটীয়ে শুকুৰবাৰে ঘোষণা কৰে যে আগন্তুক বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ খিতাপ পৃষ্ঠপোষক হ’ব ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে। ২৭ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয
इंडियन ऑयल बना 2025 विश्व पैरा एथलेटिक्स चैंपियनशिप का टाइटल स्पॉन्सर


নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় পেৰালিম্পিক কমিটীয়ে শুকুৰবাৰে ঘোষণা কৰে যে আগন্তুক বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ খিতাপ পৃষ্ঠপোষক হ’ব ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে। ২৭ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই সন্মানীয় অনুষ্ঠানটোৰ এই অংশীদাৰিত্বৰ জৰিয়তে এতিয়া এই প্ৰতিযোগিতাখনক আনুষ্ঠানিকভাৱে “ইণ্ডিয়ান অইল নতুন দিল্লী ২০২৫ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ” বুলি জনা যাব।

এই চেম্পিয়নশ্বিপ ভাৰতৰ এতিয়ালৈকে সৰ্ববৃহৎ পেৰা স্প’ৰ্টছ ইভেণ্ট হ’ব, য’ত ১০৪খনতকৈও অধিক দেশৰ ২২০০ৰো অধিক খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনত মুঠ ১৮৬টা ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত পদকৰ বাজি ধৰা হ’ব। ২০২৮ চনৰ লছ এঞ্জেলছ পেৰালিম্পিক গেমছৰ বাবেও এই ইভেণ্টক এক গুৰুত্বপূৰ্ণ কোৱালিফায়াৰ হিচাপে গণ্য কৰা হয়।

ইণ্ডিয়ান অইলৰ অধ্যক্ষ এ এছ ছাউনীয়ে কয়, ‘পিচিআইৰ সৈতে আমাৰ অংশীদাৰিত্ব এছিয়ান পেৰা গেমছৰ পৰা পেৰিছ পেৰালিম্পিকলৈকে ঐতিহাসিক সফলতাৰে চিহ্নিত হৈছে।এই সফলতাসমূহে আমাৰ পেৰা এথলীটসকলৰ সাহস আৰু মনোভাৱক প্ৰতিফলিত কৰে পৰিচয়।

পিচিআইৰ সভাপতি তথা ভাৰতৰ সফল পেৰা এথলীট দেৱেন্দ্ৰ ঝাঝাৰিয়াই কয়, ‘ভাৰতত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজন ঐতিহাসিক।ৰাজধানীখনত ১০০খনতকৈও অধিক দেশৰ ২২০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো গৌৰৱৰ বিষয়।ইণ্ডিয়ান অইলৰ সহযোগত এই অনুষ্ঠানটোৱে কেৱল বিশ্বমানৰ প্ৰতিযোগিতাৰ সাক্ষী হোৱাই নহয়, যুৱ পেৰা এথলীটসকলকো অনুপ্ৰাণিত কৰিব যে একোৱেই নহয় অসম্ভৱ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande