নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সঞ্চালক বিচৰা সংস্থা ফাইনেন্সিয়েল চাৰ্ভিচেছ ইনষ্টিটিউচনছ ব্যুৰো (এফ এছ আই বি)য়ে ৰবি ৰঞ্জনক ভাৰতীয় ষ্টেট বেংকৰ পৰিচালন সঞ্চালক (এম ডি) পদৰ বাবে পৰামৰ্শ দিছে। বৰ্তমান উপ-পৰিচালন সঞ্চালক হিচাপে থকা ৰঞ্জনে পৰিচালন সঞ্চালক বিনয় এম টনছেৰ ঠাইত স্থলাভিষিক্ত হ’ব।
শুকুৰবাৰে বিত্তীয় সেৱা প্ৰতিষ্ঠান ব্যুৰোৱে এক বিবৃতিত কয় যে এছ বি আইৰ পৰিচালন সঞ্চালক (এম ডি) পদৰ বাবে ২০২৫ চনৰ ১১ ছেপ্টেম্বৰত ব্যুৰোৱে ৯ জন প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লৈছিল। এফ এছ আই বিয়ে ৰবি ৰঞ্জনক ইন্টাৰফেছত তেওঁৰ প্ৰদৰ্শন, তেওঁৰ সামগ্ৰিক অভিজ্ঞতা আৰু বৰ্তমানৰ মাপকাঠীসমূহৰ প্ৰতি লক্ষ্য ৰাখি এছ বি আইত এম ডি পদৰ বাবে পৰামৰ্শ দিছে।
এফএছআইবিৰ পৰামৰ্শ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেবিনেটৰ নিযুক্তি সমিতিয়ে। বৰ্তমান এছ বি আইৰ উপ পৰিচালন সঞ্চালক হিচাপে কৰ্মৰত ৰঞ্জনে ৩০ নৱেম্বৰত কাৰ্যকাল শেষ হ’বলগীয়া পৰিচালন সঞ্চালক বিনয় এম টনছেৰ ঠাই ল’ব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia