ভাগ্য থাকিলেহে জয়লাভ কৰিব প্ৰমোদ বড়োই - হাগ্ৰামা
বাক্সা, ০৫ আগষ্ট (হি.স.)। ভাগ্য থাকিলেহে জয়লাভ কৰিব প্ৰমোদ বড়োই। এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ। প্ৰথম পৰ্যায়ত বিটিআৰ ৰ ২২ খন আসনত আনুষ্ঠানিকভাৱে বিপিএফ ৰ প্ৰাৰ্থী ঘোষণা হাগ্ৰামা মহিলাৰীৰ। ৪০ খন আসনতে নিৰ্বাচনত অৱতীৰ্ণ হ''ব বিপিএফ।
ভাগ্য থাকিলেহে জয়লাভ কৰিব প্ৰমোদ বড়োই - হাগ্ৰামা


বাক্সা, ০৫ আগষ্ট (হি.স.)। ভাগ্য থাকিলেহে জয়লাভ কৰিব প্ৰমোদ বড়োই। এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ। প্ৰথম পৰ্যায়ত বিটিআৰ ৰ ২২ খন আসনত আনুষ্ঠানিকভাৱে বিপিএফ ৰ প্ৰাৰ্থী ঘোষণা হাগ্ৰামা মহিলাৰীৰ। ৪০ খন আসনতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিপিএফ।

২০ গৰাকী ষ্টাৰ কেম্পেইনাৰে বিপএফ ৰ হৈ চলাব প্ৰচাৰ। ইউ পি পি এল ৰ লগত মিত্ৰতা সন্দৰ্ভতো মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বড়ো জনগোষ্ঠী পূৰ্বৰ পৰাই একত্ৰিত হৈ আছে, কিন্তু দল হিচাপে বিপিএফ-ইউ পি পি এলৰ মিত্ৰতা সম্ভৱ হোৱা নাই। বিপিএফ-ইউ পি পি এলৰৰ মিত্ৰতাক লৈ ৰাজনীতি কৰি আছে ইউ পি পি এল য়ে । প্ৰাৰ্থী ঘোষণাৰ পিছতে এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande