তিনিচুকীয়া, ০৫ আগষ্ট (হি.স.)। তিনিচুকীয়াত সন্দেহযুক্ত নাগৰিকক আটাছুৰ দ্বাৰা আটক কৰা হৈছে। আজি পূৱাই অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলাই তিনিচুকীয়া নগৰৰ পৰা কেইবাজনে অবৈধ বাংলাদেশী লোকক আটক কৰিলে টাই আহোম ছাত্ৰ সন্থাই (আটাছু)।
আটাছুৰ কেন্দ্ৰিয়্য সভাপতি মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা এটা দলে তিনিচুকীয়া অসম ৰাজ্যিক পৰিবহন নিগমৰ সমীপত শ্ৰমিকৰূপী বহুকেইজন লোকক দেখা পাই সোধ পোছ কৰি অৰুণাচললৈ যোৱাৰ কথা নিশ্চিতি হোৱাত আটক কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু