ইম্ফল, ০৪ আগষ্ট (হি.স.)। মণিপুৰত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে সমন্বিত অভিযানৰ অংশ হিচাপে নিৰাপত্তা বাহিনীয়ে বিভিন্ন স্থানৰ পৰা চাৰিটা নিষিদ্ধ সংগঠনৰ অন্তৰ্গত ৮জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।
বিষয়াসকলৰ মতে, ইম্ফল পশ্চিম, ইম্ফল পূব আৰু বিষ্ণুপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা কেচিপি (পিডব্লিউজি) সংগঠনৰ ৫ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অভিযুক্ত কেইজনৰ ভিতৰত আছে এম প্ৰেমকুমাৰ সিং (২৮), য়াম্বেম শীতল সিং (৩৯), সোৰোখাইবাম ইনাওতন সিং (৩৮), খংবন্তবাম ইনাওচা দেৱী (৫২) আৰু অইনাম নৌবা সিং (১৮)। মুক্তিপণ দাবী, গুলীচালনা, অপহৰণ, অবৈধ অস্ত্ৰ ৰখা আদি অপৰাধমূলক কামত জড়িত থকাৰ সন্দেহ। আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা ৯ এম এম পিষ্টল, এটা মেগজিন আৰু এটা কাৰ্টিজো উদ্ধাৰ কৰে।
আন এক অভিযানত ইম্ফল পশ্চিমৰ হাওবাম মেৰাক অঞ্চলত থকা কেচিপি (টাইবাংগনবা)ৰ কেডাৰ হেছনাম ববো সিং (৩৭)ক তেওঁৰ ঘৰৰ পৰা আটক কৰে। শিক্ষানুষ্ঠানক ভাবুকি দিয়াৰ লগতে ধন দাবীৰ লগত জড়িত আছিল।
তদুপৰি ইম্ফল ইষ্টৰ ইথাম থংখঙৰ পৰা প্ৰিপক আউটফিটৰ অন্তৰ্গত সোৰোখাইবাম ৰোহিত মেইটেই (২৪)ক গ্ৰেপ্তাৰ কৰা হৈছে। লামলাই চিংখু অঞ্চলৰ ঘৰৰ সমীপৰ পথাৰৰ পৰাও আৰক্ষীয়ে আটক কৰে সন্দেহযুক্ত কেচিপি (নয়ন) উগ্ৰপন্থী নেপ্ৰম হৰি মেইটেই (১৯)ক।
আৰক্ষীয়ে জনোৱা মতে, ধৃত উগ্ৰপন্থী আটাইকেইজনেই অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত আছিল আৰু তেওঁলোকৰ নেটৱৰ্ক আৰু হেণ্ডলাৰৰ সন্ধান উলিয়াবলৈ তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী