নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এজন তৃণমূল পৰ্যায়ৰ নেতা। তেওঁৰ মৃত্যু দুখজনক।
সোমবাৰে এক্সত দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে লিখিছে, শিবু সোৰেনে জনসাধাৰণৰ প্ৰতি অদম্য নিষ্ঠাৰে জনজীৱনত অগ্ৰগতি লাভ কৰা তৃণমূল পৰ্যায়ৰ নেতা আছিল। জনজাতি জনগোষ্ঠী, দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকক সবলীকৰণৰ বাবে বিশেষভাৱে উৎসৰ্গিত আছিল। তেওঁৰ মৃত্যুত দুখী। তেখেতৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ সৈতে কথা পাতিছে আৰু শোক প্ৰকাশ কৰে। ওম শান্তি।
সোমবাৰে পুৱা দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত মৃত্যু হয় ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ। তেওঁৰ বয়স আছিল ৮১ বছৰ। বৃক্ক সম্পৰ্কীয় ৰোগৰ বাবে যোৱা এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল।
हिन्दुस्थान समाचार / Manoj Kumar Saikia