নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ সোমবাৰে পুৱা ছাৰ গংগা ৰাম চিকিৎসালয়ত মৃত্যু হয় । তেওঁৰ বয়স আছিল ৮১ বছৰ। শিবু ছ’ৰেনক বৃক্ক সম্পৰ্কীয় ৰোগৰ বাবে যোৱা এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল।
ছাৰ গংগা ৰাম চিকিৎসালয়ৰ এক বিবৃতিত কোৱা হৈছে যে আজি পুৱা ৮:৫৬ বজাত শিবু সোৰেনক মৃত ঘোষণা কৰা হয়। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত তেওঁৰ মৃত্যু হয়। বৃক্কৰ ৰোগত আক্ৰান্ত আছিল আৰু ডেৰ মাহ আগতেও ষ্ট্ৰোক হৈছিল। যোৱা এমাহ ধৰি তেওঁ লাইফ চাপৰ্ট চিষ্টেমত আছিল।
দিল্লীত উপস্থিত আছে শিবু সোৰেনৰ পুত্ৰ তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। পিতৃৰ মৃত্যুৰ তথ্য শ্বেয়াৰ কৰি হেমন্ত সোৰেনে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, সন্মানীয় দিশোম গুৰুজীয়ে আমাক সকলোকে এৰি থৈ গৈছে। আজি মই শূন্য হৈ পৰিছো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া