নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি বহু নেতাই গভীৰ শোক প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে এক্সৰ এটা পোষ্টৰ জৰিয়তে কয়, শ্ৰী শিবু সোৰেন জীৰ মৃত্যু সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক বৃহৎ ক্ষতি। তেওঁ জনজাতীয় পৰিচয় আৰু ঝাৰখণ্ড ৰাজ্য সৃষ্টিৰ বাবে যুঁজিছিল। তৃণমূল পৰ্যায়ত কাম কৰাৰ উপৰিও তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ হিচাপেও অৰিহণা যোগাইছিল। জনসাধাৰণৰ বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ কল্যাণৰ ওপৰত তেওঁৰ গুৰুত্ব সদায় স্মৰণীয় হৈ থাকিব।
শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওঁ কয়, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু শিবু ছোৰেন জীৰ পুত্ৰ শ্ৰী হেমন্ত ছোৰেন জী, পৰিয়ালৰ অন্যান্য সদস্য আৰু তেওঁৰ সকলো অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু ছোৰেনৰ মৃত্যুক অত্যন্ত দুখজনক আখ্যা দি কয় যে তেওঁ ঝাৰখণ্ডৰ জনজাতীয় সমাজৰ অধিকাৰ আৰু সৱলীকৰণৰ বাবে দশক দশক ধৰি যুঁজিছিল। সহজ-সৰল আৰু পোনপটীয়া স্বভাৱৰ বাবে তেওঁ জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিল। শ্বাহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে বিদেহী আত্মাই তেওঁৰ ভৰিত স্থান পায় আৰু শোকসন্তপ্ত সোৰেণ পৰিয়াল আৰু তেওঁৰ সমৰ্থকসকলে এই দুখ সহ্য কৰিবলৈ শক্তি লাভ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শিবু ছোৰেনক দেশৰ অন্যতম জ্যেষ্ঠ নেতা বুলি অভিহিত কৰি কয় যে তেওঁ সমাজৰ দুৰ্বল শ্ৰেণীৰ বিশেষকৈ জনজাতীয় সমাজৰ অধিকাৰৰ বাবে আজীৱন যুঁজিছিল। তেওঁ সদায় জনসাধাৰণ আৰু ভূমি বিষয়ৰ সৈতে জড়িত আছিল। তেওঁৰ সৈতে দীৰ্ঘদিনীয়া চিনাকিৰ কথা উল্লেখ কৰি ৰাজনাথ সিঙে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শিবু ছোৰেনক ভাৰতীয় ৰাজনীতিৰ এক বিশিষ্ট ছবি বুলি অভিহিত কৰে, যিয়ে প্ৰান্তীয় জনসাধাৰণৰ উত্থান আৰু ঝাৰখণ্ডৰ পৰিচয় গঢ় দিয়াৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ কয় যে তেওঁৰ উত্তৰাধিকাৰে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শিবু ছোৰেনক জনজাতীয় জনগোষ্ঠীৰ উত্থান আৰু প্ৰান্তীয় লোকৰ কণ্ঠক মূলসুঁতিলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এজন প্ৰভাৱশালী ব্যক্তিত্ব বুলি অভিহিত কৰে। জেএমএমৰ প্ৰতিষ্ঠাপক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াল আৰু অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে শিবু ছোৰেনৰ মৃত্যুক অত্যন্ত দুখজনক বুলি অভিহিত কৰি কয় যে তেওঁ এজন সংগ্ৰামী আৰু যুঁজাৰু ৰাজনীতিবিদ যিয়ে জনজাতীয় সমাজৰ অধিকাৰৰ বাবে সদায় মাত মাতিছিল। তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে তেওঁৰ আত্মাই শান্তি লাভ কৰে আৰু শোকসন্তপ্ত পৰিয়ালে এই দুখ সহ্য কৰিবলৈ শক্তি লাভ কৰে।
কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী মনোহৰ লালে শিবু ছোৰেনক জনজাতীয় সমাজ সবলীকৰণৰ বাবে আজীৱন যুঁজ দিয়া নেতা বুলি অভিহিত কৰে। এই কঠিন সময়ত হেমন্ত ছোৰেনৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওঁ কয় যে ভগৱানে তেওঁৰ আত্মাক তেওঁৰ চৰণত স্থান দিয়ক।
মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় যে শিবু ছোৰেনে জনজাতীয় সমাজৰ অধিকাৰ আৰু সৱলীকৰণৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল। তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে তেওঁৰ আত্মাই শান্তি লাভ কৰে আৰু শোকসন্তপ্ত পৰিয়ালে শোক সহ্য কৰিবলৈ শক্তি লাভ কৰে।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে তেওঁ এখন সুকীয়া ঝাৰখণ্ড ৰাজ্য আৰু ইয়াৰ জনসাধাৰণৰ পানী, বন, মাটি আৰু জনজাতীয় সংস্কৃতিৰ সুৰক্ষাৰ অধিকাৰৰ বাবে গোটেই জীৱন সংগ্ৰাম কৰিছিল। খৰ্গে কয় যে তেওঁ হেমন্ত ছোৰেনৰ সৈতে কথা পাতি তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
শিবু ছোৰেনক জনজাতীয় সমাজৰ বলিষ্ঠ কণ্ঠ বুলি অভিহিত কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকৰ অধিকাৰৰ বাবে তেওঁ গোটেই জীৱন সংগ্ৰাম কৰিছিল। ঝাৰখণ্ড সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সদায় স্মৰণীয় হৈ থাকিব। হেমন্ত ছোৰেনৰ লগতে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই শিবু ছোৰেনক ভাৰতৰ জনজাতীয় অধিকাৰ আন্দোলনৰ এগৰাকী প্ৰবীণ নেতা বুলি অভিহিত কৰে। সুকীয়া ঝাৰখণ্ডৰ সৃষ্টি আৰু জনজাতীয় জনগোষ্ঠীৰ উত্থানৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ হেমন্ত সোৰেনৰ লগতে ঝাৰখণ্ডবাসীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শিবু ছোৰেনক জনজাতীয় জনগোষ্ঠীৰ বাবে ‘দিশম গুৰু’ বুলি অভিহিত কৰি তেওঁৰ মৃত্যুক ঝাৰখণ্ডৰ ইতিহাসৰ এটা অধ্যায়ৰ অন্ত বুলি অভিহিত কৰে। হেমন্ত ছোৰেনৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেখেতে তেওঁক অতি পৰিচিত আৰু সন্মানীয় বুলিও কয়।
সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে শিবু ছোৰেনক জনজাতীয় আৰু বঞ্চিত সমাজৰ উচ্চ কণ্ঠ বুলি অভিহিত কৰি তেওঁৰ মৃত্যুক অত্যন্ত দুখজনক বুলি অভিহিত কৰে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায়।
বহুজন সমাজ পাৰ্টিৰ অধ্যক্ষ মায়াৱতীয়ে শিবু ছোৰেনৰ মৃত্যুক অত্যন্ত দুখজনক বুলি অভিহিত কৰি পুত্ৰ হেমন্ত ছোৰেনৰ লগতে তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে শোকসন্তপ্ত পৰিয়ালে এই দুখ সহ্য কৰিব পৰা শক্তি লাভ কৰে।
ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু যাদৱে শিবু ছোৰেনক জনজাতীয় সমাজৰ প্ৰকৃত ৰক্ষক বুলি অভিহিত কৰি কয় যে দেশে তেওঁৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰে। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।
আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে শিবু ছোৰেনক ঝাৰখণ্ড আৰু জনজাতীয় সমাজৰ আত্মা বুলি অভিহিত কৰে। জনজাতীয় অধিকাৰ, জল-বন-ভূমি আৰু সাংবিধানিক ন্যায়ৰ বাবে গোটেই জীৱন সংগ্ৰাম কৰিছিল বুলিও তেওঁ কয়। তেওঁৰ মৃত্যুক দেশৰ ৰাজনীতি আৰু জনজাতীয় আন্দোলনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি হেমন্ত ছ’ৰেন আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে শিবু ছোৰেনক জনজাতীয় পৰিচয়ৰ উচ্চ কণ্ঠস্বৰ বুলি অভিহিত কৰি কয় যে তেওঁ ঝাৰখণ্ড ৰাজ্য গঠন আন্দোলনৰ গুৰি। ২০০৬ চনৰ বন অধিকাৰ আইন আৰু ২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইন সৃষ্টিৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।সামাজিক আৰু অৰ্থনৈতিক ন্যায়ৰ প্ৰতি তেওঁৰ সমৰ্পিততাক প্ৰেৰণাদায়ক বুলি অভিহিত কৰা হৈছিল।
কংগ্ৰেছ নেতা বি ভি শ্ৰীনিবাসে শিবু ছোৰেনৰ মৃত্যুক ঝাৰখণ্ডৰ ৰাজনীতিৰ এটা যুগৰ অন্ত বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁৰ জীৱন সংগ্ৰাম আৰু জনস্বাৰ্থৰ প্ৰতি সমৰ্পণে সদায় প্ৰেৰণা যোগাব।
বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে শিবু ছোৰেনৰ মৃত্যুক ঝাৰখণ্ড আৰু বিহাৰৰ বাবে অসহ্যকৰ যন্ত্ৰণাৰ মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
কংগ্ৰেছৰ সাংসদ ইমৰাণ প্ৰতাপগড়ীয়ে শিবু ছোৰেনক গণ আন্দোলনৰ পৰা ওলাই অহা বিপ্লৱী বীৰ বুলি অভিহিত কৰি কয় যে এই কঠিন সময়ত সমগ্ৰ দেশ হেমন্ত ছোৰেনৰ সৈতে থিয় দিছে।
সোমবাৰে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হয় ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ। তেওঁৰ বয়স ৮১ বছৰ আৰু যোৱা কেইবামাহো অসুস্থ হৈ আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া