পুনৰ ক’ৰ্ট ৰুমত প্ৰতিধ্বনিত হ’ব জলীৰ কণ্ঠ, আৰ্শ্বদ ৱাৰ্চি উভতি অহাত উৎসাহিত অনুৰাগীসকল
নিজৰ উৎকৃষ্ট কমিক টাইমিং আৰু গভীৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰা আৰ্ছাদ ৱাৰ্ছীয়ে পুনৰবাৰ নিজৰ বিখ্যাত চৰিত্ৰ এডভোকেট জগদীশ ত্যাগী অৰ্থাৎ অৰিজিনেল জলী হিচাপে ঘূৰি আহিছে। ‘জলি এল এল বি ৩’ ঘোষণাৰ পিছৰে পৰা দৰ্শকে তেওঁৰ উভতি অহাৰ বাবে আগ
अरशद वारसी, अक्षय कुमार - फाइल फोटो


নিজৰ উৎকৃষ্ট কমিক টাইমিং আৰু গভীৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰা আৰ্ছাদ ৱাৰ্ছীয়ে পুনৰবাৰ নিজৰ বিখ্যাত চৰিত্ৰ এডভোকেট জগদীশ ত্যাগী অৰ্থাৎ অৰিজিনেল জলী হিচাপে ঘূৰি আহিছে। ‘জলি এল এল বি ৩’ ঘোষণাৰ পিছৰে পৰা দৰ্শকে তেওঁৰ উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল, আৰু এতিয়া এই অপেক্ষা শেষ।

২০১৩ চনত মুক্তি পোৱা জলি এল এল বিয়ে ভাৰতীয় চিনেমাত ক’ৰ্টৰুম কমেডীক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। মীৰুটৰ এখন সৰু চহৰৰ অধিবক্তা জলী ত্যাগীৰ চৰিত্ৰত নিজৰ সৰলতা, চতুৰতা আৰু হাস্যৰসেৰে দৰ্শকক আপ্লুত কৰিছিল। এইবাৰ কাহিনীটো আৰু অধিক আকৰ্ষণীয় হ’বলৈ সাজু হৈছে কাৰণ অক্ষয় কুমাৰৰ জলী মিশ্ৰৰ সৈতে আৰ্শ্বদ ৱাৰ্ছীৰ সংঘৰ্ষ হ’ব আৰু এই সংঘৰ্ষৰ মাজতে সাঙোৰ খাই পৰিব সদায়েই অশান্ত হৈ থকা ন্যায়াধীশ ত্ৰিপাঠী, যাৰ চৰিত্ৰত পুনৰবাৰ অভিনয় কৰিব মেধাৱী সৌৰভ শুক্লাই।

হুমা কুৰেছী, অমৃতা ৰাও আৰু গজৰাজ ৰাওক এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। এই শক্তিশালী তাৰকা অভিনেতাই ছবিখনক আৰু অধিক মনোৰঞ্জনমূলক আৰু শক্তিশালী কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছে। সুভাষ কাপুৰৰ পৰিচালনা আৰু আলোক জৈন আৰু অজিত আন্ধাৰে প্ৰযোজনা কৰা এই ছবিখনত থাকিব প্ৰচণ্ড আদালতৰ নাটক, চোকা কমেডী আৰু চোকা সামাজিক ধাৰাভাষ্যৰ ধমাকা। ১৯ ছেপ্টেম্বৰত, সমগ্ৰ দেশৰ চিনেমা হলত আৰম্ভ হ’ব এতিয়ালৈকে হোৱা আটাইতকৈ সংঘাতময় জলী যুঁজ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande