১৪ আগষ্টত ডাঙৰ পৰ্দাত মুক্তি পাব হৃতিক ৰোশনৰ ‘ৱাৰ-২’
বহু প্ৰত্যাশিত ছবি ‘ৱাৰ-২’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ ছুপাৰষ্টাৰ হৃতিক ৰোশনে। যশ ৰাজ ফিল্মছৰ চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত এই একচন ভৰ্তি ছবিখনে অহা ১৪ আগষ্টত ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিবলৈ গৈ আছে। বি
হৃতিক ৰোশন–ৰজনীকান্ত


বহু প্ৰত্যাশিত ছবি ‘ৱাৰ-২’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ ছুপাৰষ্টাৰ হৃতিক ৰোশনে। যশ ৰাজ ফিল্মছৰ চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত এই একচন ভৰ্তি ছবিখনে অহা ১৪ আগষ্টত ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিবলৈ গৈ আছে। বিশেষ কথাটো হ’ল দক্ষিণ চিনেমাৰ কিংবদন্তি ৰজনীকান্তৰ মেগা বাজেট ছবি ‘কুলি’ৰ সৈতে বক্স অফিচত প্ৰত্যক্ষ প্ৰতিযোগিতা হ’ব। ইতিমধ্যে এই সংঘৰ্ষক লৈ দৰ্শকৰ মাজত এক উত্তেজনাৰ সৃষ্টি হৈছে।

কিন্তু এই প্ৰতিযোগিতামূলক পৰিবেশতো হৃতিক ৰজনীকান্তৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰম প্ৰকাশৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাৰাখিলে। শেহতীয়াকৈ তেওঁ নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত ৰজনীকান্তৰ সৈতে নিজৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰিছিল, যিটো তেওঁৰ কেৰিয়াৰৰ অন্যতম প্ৰাচীন স্মৃতি। এই ছবিখনৰ লগতে হৃতিকে এটা আৱেগিক বাৰ্তা লিখিছিল, মই আপোনাৰ সৈতে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিলো। আপুনি মোৰ প্ৰথম শিক্ষকৰ ভিতৰত এজন আছিল। আজিও আপুনি এজন প্ৰেৰণা। আপুনি এটা মানদণ্ড নিৰ্ধাৰণ কৰিছে। পৰ্দাত আপোনাৰ যাদু বিয়পোৱাৰ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন।

এই পোষ্টটো চাই অনুৰাগীসকলো আৱেগিক হৈ পৰিল, কাৰণ বহুতে হয়তো মনত নাৰাখে যে হৃতিক আৰু ৰজনীকান্তই একেলগে এখন ছবি কৰিছিল। দৰাচলতে ১৯৮৬ চনত মুক্তি পোৱা ‘ভগৱান দাদা’ ছবিখনত মাত্ৰ ১২ বছৰ বয়সতে হৃতিকে শিশু শিল্পী হিচাপে কাম কৰিছিল, য’ত ৰজনীকান্তে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

আজি প্ৰায় চাৰি দশকৰ পাছতো হৃতিকে সেই অভিজ্ঞতাক নিজৰ বহুমূলীয়া স্মৃতিৰ ভিতৰত গণ্য কৰি ৰজনীকান্তক নিজৰ কেৰিয়াৰৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰে। এতিয়া যেতিয়া বক্স অফিচত 'ৱাৰ ২' আৰু 'কুলি'ৰ মাজত সংঘৰ্ষ হ'বলৈ গৈ আছে, তেতিয়া ইয়াৰ পাৰস্পৰিক সন্মান আৰু বন্ধুত্বৰ পৰিচয় পোৱা যায় যে প্ৰকৃত তাৰকাসকলে প্ৰতিযোগিতাৰ ওপৰত উঠি ইজনে সিজনৰ কাম আৰু যাত্ৰাৰ শলাগ লয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande